অসম

assam

ETV Bharat / state

কোকৰাঝাৰত মোদীৰ বিৰুদ্ধে মমতাৰ নিৰ্বাচনী ৰণডংকা - mamata

দেশৰ গণতন্ত্ৰক ৰক্ষা কৰিবলৈ বিজেপিক পৰাজিত কৰি ধৰ্মনিৰপেক্ষ দলৰ হাতত শাসন তুলি দিবলৈ ৰাইজক আহ্বান জনায় মমতা বেনাৰ্জীয়ে

কোকৰাঝাৰত মোদীৰ বিৰুদ্ধে মমতাৰ নিৰ্বাচনী ৰণহুংকা

By

Published : Apr 6, 2019, 7:21 PM IST

কোকৰাঝাৰ, ৬ এপ্ৰিলঃ কোকৰাঝাৰত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ সভানেত্ৰী মমতা বেনাৰ্জীয়ে অসম সীমান্তৱৰ্তী বাৰোভিছাত নিৰ্বাচনী প্ৰচাৰ চলায় শনিবাৰে। দশৰথ তিৰ্কীৰ হৈ প্ৰচাৰ চলায় বেনাৰ্জীয়ে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তুলাধুনা মমতাৰ।

কোকৰাঝাৰত মোদীৰ বিৰুদ্ধে মমতাৰ নিৰ্বাচনী ৰণহুংকা

মমতা বেনাৰ্জীয়ে অসম বংগ সীমান্তৱৰ্তী বাৰোভিছাত তৃণমূল কংগ্ৰেছৰ নিৰ্বাচনী জনসভাত দেশৰ পৰা বিজেপিক উৎখাত কৰাৰ বাবে ভোটাৰ ৰাইজে ইতিমধ্যে সিদ্ধান্ত লোৱা বুলি মন্তব্য কৰে। মোদীয়ে পশ্চিমবংগত ৰাইজৰ মাজত সাম্প্ৰদায়িকতা আৰু বিভাজনৰ বীজ ৰোপণ কৰা বুলি কটাক্ষ নেত্ৰীগৰাকীৰ। সচেতন জনসাধাৰণে বিজেপিৰ চক্ৰান্তত ভোল নাযায় বুলি মমতাই দৃঢ়তাৰে কোৱাৰ লগতে মঞ্চত উঠিয়েই বিজেপি হটাও দেশ বচাও শ্লগানেৰে সভাস্থলী উত্তাল কৰি তোলে । পাঁচ বছৰে মোদী চৰকাৰে দেশৰ সাম্প্ৰদায়িক সম্প্ৰীতি, অৰ্থনীতি,শিল্প বাণিজ্য, বৈদেশিক সম্পৰ্ক উন্নয়ন আদি ধ্বংসৰ দিশে গতি কৰিছে বুলিও মন্তব্য কৰে । দেশৰ গণতন্ত্ৰক ৰক্ষা কৰিবলৈ বিজেপিক পৰাজিত কৰি ধৰ্মনিৰপেক্ষ দলৰ হাতত শাসন তুলি দিবলৈ ৰাইজক আহ্বান জনায় মমতা বেনাৰ্জীয়ে ।

ABOUT THE AUTHOR

...view details