অসম

assam

ETV Bharat / state

কোকৰাঝাৰৰ দুই পৰিষদীয় সমষ্টিত হাগ্ৰামাৰ নিৰ্বাচনী প্ৰচাৰ - ছালকাটি পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী দেৰহাছাৎ বসুমতাৰী

বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে কোকৰাঝাৰৰ দুই পৰিষদীয় সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলায় ৷ বাওঁখুংগ্ৰীৰ দনেশ্বৰ গয়াৰী আৰু ছালকাটি পৰিষদীয় সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী দেৰহাছাৎ বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশ লয় তেওঁ ৷

Election campaign by Hagrama in two constituencies
হাগ্ৰামা মহিলাৰী

By

Published : Nov 4, 2020, 10:20 PM IST

কোকৰাঝাৰ, 4 নবেম্বৰ :বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে বুধবাৰে কোকৰাঝাৰ জিলাৰ দুটাকৈ গুৰুত্বপূৰ্ণ পৰিষদীয় সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলায় ৷ বাওঁখুংগ্ৰীৰ দনেশ্বৰ গয়াৰী আৰু ছালকাটি পৰিষদীয় সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী দেৰহাছাৎ বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় মহিলাৰীয়ে৷ বাওঁখুংগ্ৰী সমষ্টিৰ বাশবাৰীৰ ইৰাকদাউ ক্লাৱ খেলপথাৰত বাওঁখুংগ্ৰী ব্লক সমিতি বিপিএফ আৰু ছালাকাটি পৰিষদীয় সমষ্টিৰ হৰিগাঁও খেলপথাৰত ছালাকাটি ব্লক বিপিএফৰ উদ্যোগত মহিলা বিপিএফৰ লগতে নিৰ্বাচনী প্ৰচাৰ সভাৰ আয়োজন কৰা হয় ৷ দুয়োটা স্থানতে বিপিএফৰ প্ৰাৰ্থীদ্বয়ৰ সমৰ্থনত ওলাই অহা হাজাৰ হাজাৰ কৰ্মী-সমৰ্থক আৰু ৰাইজৰ উপস্থিতি প্ৰত্যক্ষ কৰি উৎফুল্লিত হৈ পৰে মহিলাৰী ৷ তেওঁ ৰাইজক উদ্দেশ্যি দিয়া ভাষণৰ লগতে সাংবাদিকৰ আগত বিপিএফৰ প্ৰাৰ্থী অভিলেখ সংখ্যক ভোটৰ ব্যৱধানত জয়ী হৈ আকৌ চৰকাৰ গঠন কৰিব বুলি দাবী কৰে ৷

কোকৰাঝাৰৰ দুই পৰিষদীয় সমষ্টিত হাগ্ৰামাৰ নিৰ্বাচনী প্ৰচাৰ

ইফালে ৰিপাব্লিক টিভিৰ সাংবাদিক অৰ্ণৱ গোস্বামীৰ গ্ৰেপ্তাৰ সম্পৰ্কে সাংবাদিকে প্ৰতিক্ৰিয়া জানিব বিচাৰে মহিলাৰীৰ পৰা ৷ সাংবাদিকগৰাকীৰ প্ৰশ্নৰ উত্তৰত গোস্বামীক টিআৰপি খেলিমেলিৰ বাবে গ্ৰেপ্তাৰ কৰিছে নেকি বুলি সন্দেহ প্ৰকাশ কৰে ৷

বাওঁখুংগ্ৰী সমষ্টিৰ প্ৰাৰ্থী দনেশ্বৰ গয়াৰী আৰু ছালাকাটি সমষ্টিৰ প্ৰাৰ্থী দেৰহাছাৎ বসুমতাৰীয়ে এইবাৰো জয় নিশ্চিত বুলি দাবী কৰে তেওঁ ৷ ইপিনে বুধবাৰৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীত বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ উপৰিও মহিলা বিপিএফৰ সভানেত্ৰী সুপ্ৰিয়া ৰাণী ব্ৰহ্ম, মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম, বিধায়ক ৰবিৰাম নাৰ্জাৰী, মন্ত্ৰী চন্দন ব্ৰহ্ম, কেশৱ ৰাজবংশীকে আদি কৰি বিপিএফৰ কেইবাগৰাকীও নেতাই অংশগ্ৰহণ কৰে ৷

উল্লেখ্য যে, দুয়োটা সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীত বড়ো, ধৰ্মীয় সংখ্যালঘু মুছলমান, নাথ-যোগী, বঙালী, গাৰো, ৰাভা, কোচ-ৰাজবংশী আদি জনগোষ্ঠীৰ ৰাইজে অংশগ্ৰহণ কৰাৰ লগতে নৃত্য-গীতেৰে এক উছৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে ৷

লগতে পঢ়ক :বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামীৰ সংবাদমেল

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details