কোকৰাঝাৰ, ২৯ নৱেম্বৰ :কোকৰাঝাৰ সদৰ চহৰৰ বিধানপল্লীত এক ভয়ংকৰ হত্যাকাণ্ড সংঘটিত হৈছে ৷ কৃষি বিভাগৰ অৱসৰপ্ৰাপ্ত অভিযন্তা তপন চক্ৰৱৰ্তী (৭২) আৰু তেওঁৰ পত্নী তথা ডিএন হিম্মৎসিংকা হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী মধুমিতা বেনাৰ্জীক (৬৫) বুধবাৰে পুৱা দুষ্কৃতিকাৰীয়ে চোকা অস্ত্ৰৰে আক্ৰমণ কৰে । দুষ্কৃতিকাৰীৰ চোকা অস্ত্ৰৰ আক্ৰমণত তপন চক্ৰৱৰ্তীয়ে কৰুণ মৃত্যুক সাৱটি লয় ৷ আনহাতে অতি সংকটজনক অৱস্থাত মধুমিতা বেনাৰ্জী চিকিৎসাধীন হৈ আছে ।
উল্লেখ্য যে, তপন চক্ৰৱৰ্তী আৰু মধুমিতা বেনাৰ্জীৰ পুত্ৰ বেংগালুৰুত আৰু জীয়ৰী আমেৰিকাত থকা সূত্ৰে দুয়োজনে বিধানপল্লীৰ নিজ ঘৰতে বসৱাস কৰি আহিছিল । বুধবাৰৰ ৰাতিপুৱা ৫:৩০ মান বজাত দুষ্কৃতিকাৰীয়ে চৌহদৰ বেৰ পাৰ হৈ তপন চক্ৰৱৰ্তীৰ ঘৰত প্ৰৱেশ কৰে আৰু দুয়োকে চোকা অস্ত্ৰৰে আক্ৰমণ কৰে । দুষ্কৃতিকাৰীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা স্বামী-স্ত্ৰীয়ে সহায়ৰ বাবে ভিতৰৰ পৰাই চিঞৰ-বাখৰ কৰে ।
মূলতঃ তপন চক্ৰৱৰ্তীৰ চিঞৰ শুনি প্ৰাতঃভ্ৰমণত অহা এজন প্ৰতিবেশী সহায়ৰ বাবে আগবাঢ়ি যায় । কিন্তু মূল দৰ্জাখন বন্ধ হৈ থকাত ভিতৰলৈ কেনেকৈ যাম বুলি তপন চক্ৰৱৰ্তীক সোধে । তেতিয়া তপন চক্ৰৱৰ্তীয়ে চৌহদৰ বেৰ পাৰ হৈ সোমাই আহি তেওঁলোকক উদ্ধাৰ কৰিবলৈ কাতৰ অনুৰোধ কৰাত প্ৰতিৱেশীজনে চৌহদৰ বেৰ পাৰ হৈ ভিতৰত প্ৰৱেশ কৰে আৰু দুয়োকে ৰক্তাক্ত অৱস্থাত উদ্ধাৰ কৰে । তপন চক্ৰৱৰ্তীয়ে প্ৰতিৱেশীজনক গেটৰ চাবি দিয়ে আৰু প্ৰতিবেশীজনে গেট খুলি আন লোকৰ সহায় বিচাৰে । সেই সময়ত তপন চক্ৰৱৰ্তী কথা ক’ব পৰা অৱস্থাত আছিল আৰু তেওঁলোকক আক্ৰমণকাৰীয়ে দাৰে ঘপিয়ায় বুলি কয় । তাৰ অলপ সময় পিচতে তপন চক্ৰৱৰ্তীয়ে সংজ্ঞা হেৰুৱাই পেলায় ।