কোকৰাঝাৰ ১8 আগষ্ট: 'মাতৃভাষা মাধ্যম প্ৰত্যাহাৰ কৰা নহয় আৰু এনে সিদ্ধান্ত চৰকাৰে কেতিয়াও গ্ৰহণ নকৰে । মাতৃভাষা মাধ্যমক শক্তিশালী কৰাৰ বাবেহে চৰকাৰে ব্যৱস্থা লৈছে আৰু যাৰ বাবেই দুটা বিষয় ইংৰাজীত পঢ়ুৱাবৰ বাবে চিন্তা-চৰ্চা চলোৱা হৈছে'- শনিবাৰে কোকৰাঝাৰ ভ্ৰমণসূচীৰ সময়ছোৱাত শিক্ষামন্ত্ৰী ডা৹ ৰণোজ পেগুৱে প্ৰকাশ কৰে এই মন্তব্য (Education minister Dr Ranoj Pegu) ৷
বিটিআৰ শিক্ষা বিভাগৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ গুৰুত্বপূৰ্ণ বৈঠক উল্লেখ্য যে, শনিবাৰে বিয়লি বিটিআৰ সচিবালয়ত বিটিআৰ প্ৰধান প্ৰমোদ বড়ো আৰু শিক্ষামন্ত্ৰী ডা° ৰণোজ পেগুৱে ২৩ খন মহাবিদ্যালয়ৰ অধ্যক্ষৰ সৈতে এক পৰ্যালোচনা বৈঠকত মিলিত হয় ৷ উক্ত বৈঠকৰ অন্তত শিক্ষামন্ত্ৰী ডা৹ পেগুৱে মাতৃভাষা মাধ্যম আৰু দুটা বিষয় ইংৰাজীত পাঠদান বিষয়টো সন্দৰ্ভত অহা ১৮ আগষ্টত বিভিন্ন দল -সংগঠনৰ সতে আলোচনাত বহিব বুলি সদৰি কৰিছে(Ranoj Pegu holds review meeting with BTR Education Department) ।
আনহাতে টেট পাছ কৰিলেই চাকৰি নাপায় বৰং চাকৰিৰ বাবে আন উপযুক্ত অৰ্হতা লৈ আবেদনহে কৰিব পাৰে বুলি মন্তব্য আগবঢ়াই বিটিআৰত সময় সুযোগ মিলাই পৃথককৈ টেট অনুষ্ঠিত কৰা হ'ব বুলি সংবাদ মাধ্যমৰ আগত তেওঁ সদৰি কৰে(Assam TET)।
বিদ্যালয় প্ৰাদেশীকৰণ সন্দৰ্ভতো শিক্ষামন্ত্ৰীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে অসমত ২০১৭ চনৰ প্ৰাদেশীকৰণ আইন অনুসৰি ইতিমধ্যে প্ৰাদেশীকৰণ সম্পূৰ্ণ হৈছে(School provincalised)। অৱশ্যে বিটিআৰ চুক্তিৰ ৬.৩ দফা অনুসৰি(BTR Accord) বিদ্যালয় প্ৰাদেশীকৰণ বিবেচনা কৰা হব আৰু প্ৰাদেশীকৰণৰ বাবে নিৰ্দিষ্ট চৰ্তসমূহ পূৰণ কৰিব লাগিব বুলি মন্তব্য কৰে শিক্ষামন্ত্ৰী পেগুৱে ।
ইপিনে পৰ্যালোচনা বৈঠকৰ অন্তত প্ৰমোদ বড়োৱে কয় যে শিক্ষামন্ত্ৰী ডা৹ ৰণোজ পেগুৰ সৈতে বড়োলেণ্ড অঞ্চলৰ শিক্ষাৰ বিভিন্ন সমস্যাক লৈ আলোচনা কৰা হৈছে আৰু বৈঠকত গুণগত শিক্ষা প্ৰদানৰ বিষয়টোয়েও স্থান লাভ কৰিছে । বিটিআৰ চুক্তিৰ ৬.৩ দফা অনুসৰি বিদ্যালয় প্ৰাদেশীকৰণ কৰোতে বিদ্যালয়সমূহ প্ৰয়োজনভিত্তিত হব লাগিব বুলি সদৰী কৰি প্ৰমোদ বড়োৱে কয় যে প্ৰয়োজনতকৈ অধিক সংখ্যক বিদ্যালয় হ'লে বিদ্যালয়সমূহ বাচি থাকিব নোৱাৰে আৰু সমস্যাৰহে সৃষ্টি কৰে ।
উল্লেখ্য যে,শনিবাৰে বিটিআৰ সচিবালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা পৰ্যালোচনা বৈঠকত বিধায়ক ক্ৰমে লৰেঞ্চ ইছলাৰী, জিৰণ বসুমতাৰী, বিটিআৰৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে', বিভিন্ন মহাবিদ্যালয়ৰ অধ্যক্ষ , শিক্ষা বিভাগৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত আছিল (BTR Secretariat Hall)। শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে শনিবাৰৰ দিনটোত বড়োলেণ্ড বিশ্ববিদ্যালয়, কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয় আদিও পৰিভ্ৰমণ কৰে ।
শিক্ষামন্ত্ৰীগৰাকীয়ে শনিবাৰে কোকৰাঝাৰ আৱৰ্ত ভৱনতে নিশাটো কটাই ৰবিবাৰে পুৱা ধুবুৰীলৈ যাত্ৰা কৰে আৰু ১৫ আগষ্টৰ দিনা স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব ।
লগতে পঢ়ক:Demand for Provincialization: বিটিআৰ চুক্তিৰ ৬.৩ নম্বৰ দফা কাৰ্যকৰীকৰণৰ দাবী 14 টাকৈ সংগঠনৰ