অসম

assam

ETV Bharat / state

4 প্ৰাৱল্যৰ ভূমিকম্পই জোঁকাৰি গ’ল কোকৰাঝাৰ জিলাক

সোমবাৰে 4 প্ৰাৱল্যৰ এক ভূমিকম্পই জোঁকাৰি যায় দক্ষিণ অসমৰ কোকৰাঝাৰ জিলাক ৷ ভূমিকম্পটোৰ উৎপত্তিস্থল আছিল মেঘালয়ৰ টুৰাৰ পৰা 90 কিলোমিটাৰ উত্তৰে ৷

By

Published : Aug 24, 2021, 7:12 AM IST

Earthquake of magnitude 4 hits Assam's Kokrajhar
4 প্ৰাৱল্যৰ ভূমিকম্পই জোঁকাৰি গ’ল কোকৰাঝাৰ জিলাক

নিউজ ডেস্ক, 24 আগষ্ট : সোমবাৰে ভূমিকম্পই জোঁকাৰি যায় কোকৰাঝাৰ জিলাক ৷ ৰিখটাৰ স্কেলত ভূমিকম্পটোৰ প্ৰাৱল্য আছিল 4 ৷ ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল দক্ষিণ অসমৰ কোকৰাঝাৰ জিলা আৰু ইয়াৰ গভীৰতা আছিল 10 কিলোমিটাৰ ৷

সোমবাৰে দিনৰ প্ৰায় 1.13 বজাত অনুভূত হোৱা ভূমিকম্পটোৰ উৎপত্তিস্থল আছিল মেঘালয়ৰ টুৰাৰ পৰা 90 কিলোমিটাৰ উত্তৰে ৷ ইয়াৰ প্ৰভাৱ দক্ষিণ অসম আৰু পশ্চিমবংগৰ উত্তৰ অংশত পৰা বুলি জানিব পৰা গৈছে ৷

ভূমিকম্পটোৰ ফলত কোনো বিশেষ ক্ষয়-ক্ষতিৰ তথ্য বৰ্তমানলৈকে লাভ কৰিব পৰা হোৱা নাই ৷

উল্লেখ্য যে, যোৱা ২৮ এপ্ৰিলৰ পুৱা ৭ বাজি ৫১ মিনিট ২৫ ছেকেণ্ডত ৰিখটাৰ স্কেলত ৬.৭ প্ৰাৱল্যৰ এক ভূমিকম্পই জোকাৰি গৈছিল সমগ্ৰ অসম । প্ৰৱল সেই জোকাৰণিৰ পাছত একেলেথাৰিয়ে কেইবাটাও মৃদু জোকাৰণি অনুভূত হৈছিল ৰাজ্যত । সেই প্ৰৱল ভূমিকম্পৰ ফলত ৰাজ্যৰ বিভিন্ন স্থানত বিস্তৰ ক্ষয়-ক্ষতি হৈছিল ।

ভূমিকম্পটোৰ ফলত গুৱাহাটীৰ বহু অট্টালিকাত ফাঁট মেলা দেখা গৈছিল । লক্ষণীয় বিষয় যে ২৮ এপ্ৰিলৰ সেই শক্তিশালী ভূমিকম্পৰ পাছত প্ৰায় দৈনিক মৃদু ভূমিকম্প হৈ আহিছে ৰাজ্যত । ফলত এতিয়া পুনৰ 1950ৰ দৰে বৰভূঁইকপৰ আশংকাত শংকিত হৈ পৰিছে ৰাজ্যবাসী ৷

লগতে পঢ়ক :সাংবাদিক সকলে বুজি পোৱা ইচ্যু নহয় সীমা সংঘাত : হিমন্ত বিশ্ব শৰ্মা

ABOUT THE AUTHOR

...view details