কোকৰাঝাৰ,১০ মাৰ্চঃকোকৰাঝাৰস্থিত বাগানশালিত থকা এবছুৰ মুখ্য কাৰ্যালয় বডোফা হাউছত মঙলবাৰে অনুষ্ঠিত হয় এক সংবাদমেল ৷ সংবাদমেলখন আয়োজন কৰি এবছুৰ সভাপতি দ্বীপেন বড়োৱে প্ৰাক্তন সাংসদ ছানচুমা খুংগুৰ বিছমুতিয়াৰীৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ বড়োৱে কয়, এবছুৰ সিদ্ধান্তৰ পৰিপন্থী যিকোনো কাম দুৰ্ভাগ্যজনক ৷ জীৱনৰ বেছি সময় বড়ো জাতিক সেৱা আগবঢ়াবলৈ সুযোগ পোৱা ছানচুমা খুংগুৰ বিছমুতিয়াৰীয়ে ৰাইজক কি দিলে বুলিয়ো এক প্ৰশ্ন উত্থাপন কৰে এবছুৰ সভাপতি গৰাকীয়ে ৷ লগতে পূৰ্বৰ বিএচি আৰু বিটিচি চুক্তিৰ পিছত এবছুৱে আন্দোলন স্থগিত ৰখাৰ কথাও উনুকিয়াই দিয়ে ৷ সম্প্ৰতি বিটিআৰ শান্তি চুক্তি স্বাক্ষৰিত হোৱাত সকলোৱে আঁকোৱালি লোৱা স্বত্বেও এই চুক্তিৰ বিৰুদ্ধাচৰণ কৰা কাৰ্য দুৰ্ভাগ্যজনক বুলি আখ্যা দিয়ে দ্বীপেন বড়োৱে ৷
প্ৰাক্তন সাংসদ ছানছুমা খুংগুৰ বিছমুতিয়াৰীক উভটি ধৰিলে এবছুৰ সভাপতি দ্বীপেন বড়োৱে - বডোফা হাউছ
নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছু'ৰ প্ৰত্যুত্তৰ ছানছুমাক ৷ সংগঠনটোৱে লোকসভাৰ প্ৰাক্তন সাংসদ ছানচুমা খুংগুৰ বিছমুতিয়াৰীক সন্মান জনোৱাৰ লগতে দিহা পৰামৰ্শ মানি লোৱাৰ বিষয়ে উল্লেখ কৰে ৷ কিন্তু ঐতিহাসিক বিটিআৰ শান্তি চুক্তিক লৈ প্ৰাক্তন সাংসদদৰাকীয়ে যি মন্তব্য় প্ৰদান কৰিলে তাৰ জৰিয়তে সন্মান হেৰুওৱা বুলি মন্তব্য কৰে এবছুৰ সভাপতি দ্বীপেন বড়োৱে ৷
উল্লেখ্য যে, বিগত ৮ মাৰ্চত কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ ছানচুমা খুংগুৰ বিছমুতিয়াৰীৰ নেতৃত্বত কোকৰাঝাৰৰ গড়কাপ্তানি বিভাগৰ অতিথিশালাত এক বিশেষ অভিৱৰ্তন অনুষ্ঠিত হৈছিল ৷ য’ত এবছুৰ কেইবাগৰাকী প্ৰাক্তন সভাপতি, সাধাৰণ সম্পাদক, নেতা, কৰ্মী আদিৰ লগতে পিপ’লছ ডেম’ক্ৰেটিক মুভমেণ্ট ফৰ বড়োলেণ্ড চমুকৈ পিডিএমবি-ৰ আহ্বায়ক জেব্ৰাৰাম মুছাহাৰীয়ে অংশগ্ৰহণ কৰিছিল ৷ অভিৱৰ্তনখনৰ পিছত প্ৰাক্তন সাংসদ বিছমুতিয়াৰীয়ে অভিৱৰ্তনখন অতি গুৰুত্বপূৰ্ণ আৰু সময়োপযোগী বুলি দাবী কৰি সংবাদমাধ্যমৰ আগত বিটিআৰ চুক্তি গ্ৰহণ নকৰে বুলি স্পষ্ট কৰি দিছিল ৷ এবছুৰ প্ৰাক্তন সভাপতি প্ৰমোদ বড়োক টাৰ্গেট কৰি বিছমুতিয়াৰীয়ে সংবাদমেলত এবছুৰ প্ৰাক্তন নেতা, কৰ্মী আৰু বড়োসকলৰ সামাজিক সংগঠনসমূহৰ নেতৃত্বক আস্থা আৰু বিশ্বাস নকৰি একপক্ষীয়ভাৱে স্বাক্ষৰ কৰা বিটিআৰ চুক্তিক লৈ কেতিয়াও সন্তুষ্ট নহয় বুলি স্পষ্ট কৰি দিছিল ৷
লগতে চাওকঃবিশ্বত্ৰাস কৰ'ণাঃ হাত সাৰিবলৈ পৰামৰ্শ দিলে ডাঃ হিতেশ বৰুৱাই