কোকৰাঝাৰ, ২১ জুলাই:মাজত মাত্ৰ আৰু কেইটামান দিন ৷ কোকৰাঝাৰৰ ছাই ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ঐতিহ্যমণ্ডিত ডুৰাণ্ড কাপ ফুটবলৰ লীগ মেচসমূহ । কোকৰাঝাৰত পোন প্ৰথমবাৰৰ বাবে বিটিআৰ চৰকাৰৰ সহযোগত কোকৰাঝাৰৰ ছাই ষ্টেডিয়ামত আগন্তুক ৫ আগষ্টৰ পৰা অনুষ্ঠিত হ'ব ঐতিহ্যমণ্ডিত ১৩২ সংখ্যক ডুৰাণ্ড কাপ ফুটবলৰ লীগ মেচসমূহ । এই উপলক্ষে শনিবাৰে কোকৰাঝাৰত ১৩২ সংখ্যক ডুৰাণ্ড কাপ খেলৰ তিনিটা ট্ৰফী উন্মোচন আৰু প্ৰদৰ্শন কৰা হয় ।
কোকৰাঝাৰৰ বডোফা সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত হোৱা ট্ৰফী উন্মোচন আৰু প্ৰদৰ্শনৰ আদৰণি অনুষ্ঠানত ভাৰতীয় ফুটবল সন্থাৰ সভাপতি কল্যাণ চুবে, মন্ত্ৰী নন্দিতা গাৰ্লোচা, মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম , বিটিচি প্ৰধান প্ৰমোদ বড়ো , সেনাবাহিনীৰ কেবাজনো শীৰ্ষ বিষয়া আদিকে ধৰি বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে । অহা ৫ আগষ্টত কোকৰাঝাৰ ছাই ষ্টেডিয়ামত প্ৰথমখন খেল অনুষ্ঠিত হ'ব আৰু উক্ত খেলত মুখ্য অতিথি হিচাবে উপস্থিত থাকিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু সেনাপ্ৰধান মনোজ পাণ্ডে ।