কোকৰাঝাৰ, ১৩ অক্টোবৰ:কোকৰাঝাৰ আৰক্ষীয়ে বুধবাৰে নিশা কোকৰাঝাৰ জিলা পৰিবহন বিষয়াক গ্ৰেপ্তাৰ কৰে(DTO of kokrazar arrested) । দাবী-ধমকি তথা বলপূৰ্বকভাৱে ধন সংগ্ৰহৰ অভিযোগতে গ্ৰেপ্তাৰ কৰা হৈছে কোকৰাঝাৰ জিলা পৰিবহন বিষয়া সোমেশ্বৰ ব্ৰহ্ম মুছাহাৰীক ৷ এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ৷
উল্লেখ্য যে কোকৰাঝাৰ জিলাৰ অন্তৰ্গত আন্ত:ৰাজ্যিক তালাচী চকী শ্ৰীৰামপুৰত (Inter State check Post Sreerampur) অবৈধভাৱে ধন সংগ্ৰহত জড়িত থকা ৯ জন যুবকক যোৱা ১০ অক্টোবৰত গ্ৰেপ্তাৰ কৰা হৈছিল ৷ উক্ত ঘটনা সন্দৰ্ভত গোসাইগাঁও আৰক্ষী থানাত (Case registered in Gosaigaon Police Station) ভাৰতীয় দণ্ডবিধিৰ ১২০ (বি)/ ৩৮৭/ ৫০৬/ ৩৪ ধাৰাৰ অধীনত ৩৮৬/২২ নম্বৰত গোচৰ ৰুজু কৰা হৈছিল ৷ উক্ত গোচৰৰ ভিত্তিতে জিলা পৰিবহন বিষয়া মুছাহাৰীক গ্ৰেপ্তাৰ কৰা হৈছে ৷
ইপিনে,এই বিষয়টোৰ সন্দৰ্ভত বৃহস্পতিবাৰে কোকৰাঝাৰ সদৰ থানাত প্ৰাথমিক তদন্ত চলাবলৈ উপস্থিত হোৱা গোসাইগাঁও মহকুমা আৰক্ষী বিষয়া (Gosaigaon Sub Divisional Police Officer) নৱনীতা শৰ্মাই কয় যে এক নিৰ্দিষ্ট গোপন তথ্যৰ আধাৰত পৰিবহন বিষয়াগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে ৷ আনহাতে,একেটা গোচৰতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা তথা কোকৰাঝাৰ সদৰ থানাৰ জিম্মাত থকা কোকৰাঝাৰ পৰিবহন বিভাগৰ তিনিগৰাকী এনফৰ্চমেন্ট ছেকাৰ ক্ৰমে সৌভিক দে, ৰিছাৰ্ড মুছাহাৰী আৰু মনোজ বসুমতাৰীক অধিক তথ্যৰ বাবে গোসাইগাঁও মহকুমা আৰক্ষী বিষয় গৰাকীয়ে মাৰাথন জেৰা অব্যাহত ৰাখিছে ৷