কোকৰাঝাৰ, 30 এপ্ৰিল :কোকৰাঝাৰত সংঘটিত হৈছে গুলীচালনা(Encounter at Kokrajhar) ৰ ঘটনা ৷ জিলাখনৰ গোঁসাইগাঁও মহকুমাৰ অন্তৰ্গত অসম-বংগ সীমান্তৰ শ্ৰীৰামপুৰত সংঘটিত হৈছে এই এনকাউণ্টাৰৰ ঘটনা ৷
প্ৰাপ্ত তথ্য অনুসৰি, শুকুৰবাৰে নিশা শ্ৰীৰামপুৰ আৰক্ষীয়ে এখন ট্ৰাকত অভিযান চলাই জব্দ কৰে প্ৰায় 85 কিল’গ্ৰাম কানিৰ লগতে 3 কিল’গ্ৰাম নিষিদ্ধ হেৰ’ইন(Opium and heroin seized in Kokrajhar) ৷ ৰাজস্থান অভিমুখী ট্ৰাকখনৰ নম্বৰ হৈছে RJ 14 GT 9213 ৷ ট্ৰাকখনৰ ডিজেলৰ টেংকীত লুকুৱাই অনা ড্ৰাগছখিনি জব্দ কৰাৰ লগতে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আটক কৰে এটা মোহনলাল(35) নামৰ এটা ড্ৰাগছ ব্যৱসায়ীক ৷
আহত ড্ৰাগছ ব্যৱসায়ী মোহনলাল আৰক্ষীৰ জেৰাত মোহনলালে এই বিষয়ত জড়িত এজন ব্যক্তি গোঁসাইগাঁৱৰ অন্তৰ্গত দলগাঁৱত থকা বুলি স্বীকাৰ কৰে ৷ সেই অনুসৰি, নিশা প্ৰায় 12.30 মান বজাত আৰক্ষীৰ দলে ড্ৰাগছ ব্যৱসায়ীটোৰ সৈতে তদন্তৰ খাতিৰত দলগাঁৱলৈ যাত্ৰা কৰে ৷
কিন্তু আদবাটতে মোহনলালে আৰক্ষী উপ পৰিদৰ্শক ব্ৰীজেশ কুমাৰৰ হাতত থকা পিষ্টলটো কাঢ়ি শূন্যলৈ দুজাঁইকৈ গুলীচালনা কৰাৰ লগতে পলায়নৰ চেষ্টা চলায় ৷ প্ৰত্যুত্তৰত আৰক্ষীয়েও গুলীচালনা কৰিবলৈ বাধ্য হয় ৷ আৰক্ষীৰ গুলীয়ে মোহনলালৰ ভৰিত আঘাত কৰাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত(Drugs smuggler injured at police encounter) হয় ড্ৰাগছ ব্যৱসায়ীটো ৷
পৰৱৰ্তী সময়ত আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ীটোক কোকৰাঝাৰৰ আৰ এন বি চিকিৎসালয়ত ভৰ্তি কৰোৱাই প্ৰাথমিক চিকিৎসা দিয়াৰ ব্যৱস্থা কৰে ৷ তাৎপৰ্যপূৰ্ণভাৱে আৰক্ষীয়ে এই ঘটনাত জব্দ কৰা ট্ৰাকখন নিশাৰ ভাগত অজ্ঞাত দুষ্কৃতিকাৰীয়ে জ্বলাই দিয়ে ৷ মূলতঃ প্ৰমাণ নষ্ট কৰিবলৈয়ে কোনো দুৰ্বৃত্তই এনে কাণ্ড সংঘটিত কৰা বুলি আৰক্ষী সূত্ৰে প্ৰকাশ ৷
কিন্তু এই ঘটনাটোৱে স্বাভাৱিকতে চাঞ্চল্য সৃষ্টি কৰিছে ৷ তদুপৰি এই ঘটনাত জড়িত দুৰ্বৃত্তৰ সন্ধান উলিওৱাৰ লগতে জিলাখনৰ পৰা ড্ৰাগছৰ ঘাটি উৎখাত কৰাতো যে আৰক্ষীৰ বাবে তীব্ৰ প্ৰত্যাহ্বানপূৰ্ণ হ’ব সেই কথা সহজে অনুমেয় হৈ পৰিছে ৷
লগতে চাওক:Firing in Goalpara: গোৱালপাৰাত ড্ৰাগছ সৰবৰাহকাৰীৰ গুলীত আহত আৰক্ষী বিষয়া