অসম

assam

ETV Bharat / state

বড়ো মাধ্যমৰ শিক্ষাৰ বিভিন্ন সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি শিক্ষামন্ত্ৰীৰ - বিটিআৰত উপস্থিত ডাঃ ৰণোজ পেগু

শিক্ষামন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণৰ পাচত প্ৰথমবাৰৰ বাবে বিটিআৰত উপস্থিত ডাঃ ৰণোজ পেগু ৷ বড়ো মাধ্যমৰ শিক্ষাৰ বিভিন্ন দিশ সামৰি বিটিআৰ প্ৰশাসনৰ লগতে এবছু, বড়ো সাহিত্য সভা, সদৌ বড়ো প্ৰাথমিক শিক্ষক সন্থাৰ সৈতে আলোচনাত মিলিত শিক্ষামন্ত্ৰীগৰাকী ৷ শিক্ষামন্ত্ৰীগৰাকীয়ে বড়ো মাধ্যমৰ শিক্ষাৰ বিভিন্ন সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিছে বুলি মন্তব্য প্ৰমোদ বড়োৰ ৷

dr ranoj pegu visits btr for the first time
বড়ো মাধ্যমৰ শিক্ষাৰ বিভিন্ন সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি শিক্ষামন্ত্ৰীৰ

By

Published : Jul 4, 2021, 8:41 AM IST

কোকৰাঝাৰ, 4 জুলাই: "হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল তথা মূল্যাংকনক কেন্দ্ৰ কৰি ৰাজ্যজুৰি অব্যাহত থকা ক্ৰিয়া প্ৰতিক্ৰিয়ালৈ লক্ষ্য ৰাখি ছাত্ৰী-ছাত্ৰীৰ ভৱিষ্যতৰ যাতে কোনো ক্ষতি নহয় তাৰ বাবে চৰকাৰে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰাৰ লগতে বিষয়টোৰ সন্দৰ্ভত চৰকাৰে আছু, অসম যুৱ ছাত্ৰ পৰিষদ আৰু এবছুৰ প্ৰতিনিধিবৰ্গৰ সৈতে আলোচনাত মিলিত হ'ব ৷" এই মন্তব্য বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ ৷

বড়ো মাধ্যমৰ শিক্ষাৰ বিভিন্ন সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি শিক্ষামন্ত্ৰীৰ

শনিবাৰে বিটিআৰ সচিবালয়ত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ সৈতে এক বৈঠকত মিলিত হোৱাৰ পাচত বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে এই মন্তব্য কৰে ৷ শিক্ষামন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাচত শনিবাৰে প্ৰথমবাৰৰ বাবে ডাঃ ৰণোজ পেগু বিটিআৰত উপস্থিত হয় ৷ বিটিআৰত উপস্থিত হৈ বিভিন্ন সমস্যাৰ বুজ লোৱাৰ বাবে শিক্ষামন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰি বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে কয় যে, বড়ো মাধ্যমৰ শিক্ষাৰ বিভিন্ন সমস্যাসমূহ সমাধানৰ বাবে শিক্ষামন্ত্ৰীগৰাকীয়ে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ৷

কোকৰাঝাৰস্থিত বিটিআৰ সচিবালয়ৰ প্ৰেক্ষাগৃহত তেওঁৰ সৈতে এক বৈঠকত মিলিত হৈ বড়োৱে কয় যে, বড়ো মাধ্যমৰ শিক্ষাৰ প্ৰাথমিক পৰ্যায়ৰ পৰা বিশ্ববিদ্যালয় পৰ্যন্ত শিক্ষক নিযুক্তি, আন্তঃগাঁথনিকে আদি কৰি বিভিন্ন ধৰণৰ সমস্যা আছে ৷ এই সমস্যাসমূহ সমাধানৰ বাবে ৰাজ্য চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰৰ সহায়-সহযোগিতা নিতান্তই প্ৰয়োজনীয় বুলি জানিবলৈ দি বড়োৱে লগতে কয় যে, বিটিআৰ প্ৰশাসনৰ লগতে এবছু, বড়ো সাহিত্য সভা আৰু সদৌ বড়ো প্ৰাথমিক শিক্ষক সন্থাৰ প্ৰতিনিধিৰ সৈতে হোৱা আলোচনা কালত শিক্ষামন্ত্ৰীগৰাকীয়ে এই সমস্যাসমূহ সমাধানৰ বাবে প্ৰতিশ্ৰুতি দিছে ৷

বিভিন্ন সমস্যাৰে জৰ্জৰিত মাতৃভাষা মাধ্যমৰ বিদ্যালয়সমূহৰ সমস্যাসমূহো অতি শীঘ্ৰে সমাধান হ'ব বুলি বড়োৱে আশা ব্যক্ত কৰে ৷ ইফালে উক্ত বৈঠকত অংশগ্ৰহণ কৰা এবছুৰ সভাপতি দ্বীপেন বড়োৱে অসম বিধানসভাৰ বাজেট অধিৱেশনৰ পূৰ্বে বড়ো মাধ্যমৰ বিদ্যালয়-মহাবিদ্যালয় প্ৰদেশীকৰণ, বিটিআৰৰ উপৰিও অসমৰ আন জিলাৰ মহাবিদ্যালয়সমূহত বড়ো বিভাগ আৰম্ভ কৰাৰ লগতে শিক্ষক আৰু প্ৰৱক্তাৰ নিযুক্তি প্ৰক্ৰিয়া পুনৰ আৰম্ভ কৰাৰ বাবে দাবী জনায় ৷

শনিবাৰৰ এই বৈঠক ফলপ্ৰসূ বুলি মন্তব্য কৰি এবছুৰ সভাপতিগৰাকীয়ে কয় যে, শিক্ষামন্ত্ৰীগৰাকীয়ে সমস্যা সমাধানৰ আশ্বাস প্ৰদান কৰিছে আৰু আশাবোৰ বাস্তবায়িত হ'ব বুলি আমি আশাবাদী ৷ উল্লেখ্য যে, এবছুৰ নেতৃবৃন্দই শিক্ষামন্ত্ৰীৰ হাতত 22 টা দাবী সম্বলিত এক স্মাৰক পত্ৰ প্ৰদান কৰে ৷

লগতে পঢ়ক:শিক্ষা বিভাগৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে ডিমাচা ছাত্ৰ সন্থাৰ প্ৰতিক্ৰিয়া

ABOUT THE AUTHOR

...view details