কোকৰাঝাৰ, 3 জানুৱাৰী :প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কোকৰাঝাৰতো প্ৰদান কৰা হয় ড° বাণীকান্ত কাকতি বঁটা ৷ উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কোকৰাঝাৰ জিলাৰ 279 গৰাকী ছাত্ৰীক বঁটা হিচাপে একোখনকৈ স্কুটী প্ৰদান কৰা হয় ৷
কোকৰাঝাৰত বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান কোকৰাঝাৰ চহৰস্থিত বিজ্ঞান মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ জৰিয়তে 5 গৰাকী ছাত্ৰীক আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয় এই বঁটা ৷ বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে ৷
কোকৰাঝাৰত বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান মুখ্য অতিথিৰ ভাষণত মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োই জ্ঞান অবিহনে জীৱন অসাৰ বুলি মন্তব্য কৰে । প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ড° বাণীকান্ত কাকতি বঁটা সুন্দৰ আঁচনি বুলি মন্তব্য কৰি উক্ত আঁচনি শিক্ষাৰ্থীৰ বাবে অনুপ্ৰেৰণাদায়ক বুলি মন্তব্য কৰে । বঁটা লাভ কৰা ছাত্ৰীসকলক শুভেচ্ছা জ্ঞাপন কৰি প্ৰমোদ বড়োই ছাত্ৰ-ছাত্ৰীৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰাৰ লগতেে প্ৰত্যেক গৰাকীকে একোজন সু-নাগৰিক হ'বলৈ আহ্বান জনায় ৷
লগতে পঢ়ক :প্ৰাসংগিক প্ৰেক্ষাপট : এইবাৰৰ অতিথি ছিপাঝাৰৰ কুলদীপ বৰুৱা
আনহাতে, কাৰ্যসূচীৰ অন্তত সাংবাদিকৰ আগত বিটিআৰৰ শিক্ষা বিভাগত যথেষ্ট সমস্যা আছে আৰু উক্ত সমস্যাসমূহ শীঘ্ৰে সমাধান কৰা হ'ব বুলি মন্তব্য কৰি বিদ্যালয় প্ৰাদেশীকৰণৰ কামো আৰম্ভ হ'ব বুলি মন্তব্য কৰিছে প্ৰমোদ বড়োই । ইফালে, কোকৰাঝাৰৰ পৰা সদ্যঘোষিত APSC পৰীক্ষাত উত্তীৰ্ণ হোৱা চৰণ নাৰ্জাৰী প্ৰসংগতো মন্তব্য প্ৰদান কৰি কয় যে, চৰণ নাৰ্জাৰীয়ে অধ্যায়ন কৰা জলশ্ৰী হাইস্কুল প্ৰাদেশীকৰণ কৰা হ'ব আৰু শীঘ্ৰেই চৰণ নাৰ্জাৰীয়ে অধ্যায়ন কৰা বিদ্যালয় পৰিদৰ্শন কৰিব বুলি মন্তব্য কৰিছে প্ৰমোদ বড়োই ।
কোকৰাঝাৰত বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান ইপিনে, বঁটা বিতৰণী অনুষ্ঠানত বিটিচি শিক্ষা বিভাগৰ সঞ্চালক জগদীশ প্ৰসাদ ব্ৰহ্মই নিজৰ আদৰণি ভাষণত ড° বাণীকান্ত কাকতিৰ জীৱনপঞ্জী আৰু আদৰ্শৰ কথা দাঙি ধৰি ছাত্ৰ-ছাত্ৰীসকলক অধ্যায়নৰ প্ৰতি গুৰুত্ব দিবলৈ আহ্বান জনায় । শিক্ষা অবিহনে সকলো অসাৰ বুলি মন্তব্য কৰি শিক্ষা সঞ্চালক গৰাকীয়ে জীৱন গঢ়াৰ কমাৰশালত অধ্যায়ন আৰু জ্ঞানেৰে পৰিপুষ্ট হৈ ছাত্ৰ-ছাত্ৰীসকলক আগবাঢ়ি যোৱাৰ পৰামৰ্শ প্ৰদান কৰে ।
কোকৰাঝাৰত বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান লগতে পঢ়ক :নান্সি পেলচী আৰু চিনেটৰ নেতা মিট্চ মিকানলক গ্ৰাফিটিৰে আক্ৰমণৰ লক্ষ্য
উল্লেখ্য যে, কোকৰাঝাৰ জিলা প্ৰশাসনৰ উদ্যোগত তথা জিলা উপায়ুক্ত ভাস্কৰ ফুকনৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বঁটা বিতৰণী কাৰ্যসূচীত জিলা শিক্ষা বিষয়া জয়পাল সিং ব্ৰহ্ম, বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যক্ষ আৰ এন সিনহা, কোকৰাঝাৰ কলেজৰ অধ্যক্ষা বি ব্ৰহ্ম, কোকৰাঝাৰ ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ আজিজুৰ ৰহমান, জনতা কলেজৰ অধ্যক্ষ সুবুং বসুমতাৰী আদিকে ধৰি অভিভাৱক আৰু ছাত্ৰীসকল উপস্থিত থাকে ।
লগতে পঢ়ক :মকৰ সংক্ৰান্তিত আৰম্ভ ৰাম মন্দিৰ নিৰ্মাণৰ কাম