কোকৰাঝাৰ, ১২ ডিচেম্বৰ:অসম চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ৰবিবাৰে কোকৰাঝাৰ জিলাত ড৹ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান কৰা হয় (Dr Banikanta Kakati Merit Award) ৷ এই বঁটা হিচাপে জিলাখনৰ পৰা সুখ্যাতিৰে উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ ৬৬১ গৰাকী ছাত্ৰ-ছাত্ৰীক একোখনকৈ স্কুটী বিতৰণ কৰা হয় ৷ এই উপলক্ষে কোকৰাঝাৰ চহৰৰ বিজ্ঞান মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত বন্তি প্ৰজ্বলনৰে উক্ত বঁটা প্ৰদানৰ শুভাৰম্ভ কৰে অনুষ্ঠানৰ মুখ্য অতিথি তথা গোসাইগাঁও সমষ্টিৰ বিধায়ক জিৰন বসুমতাৰীয়ে (Scooty distributed among students at Kokrazar) ৷
উল্লেখ্য যে বিধায়ক জিৰণ বসুমতাৰীয়ে জিলাখনৰ ৬৬১ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত আনুষ্ঠানিকভাৱে প্ৰথমে ৬ গৰাকী শিক্ষাৰ্থীক স্কুটী বিতৰণৰ কৰে (Pragyan Bharati Scooty Scheme in Kokrazar) ৷ শিক্ষাৰ্থীসকলক স্কুটী বিতৰণ কৰে বিধায়ক জিৰণ বসুমতাৰীৰ উপৰি বিটিআৰৰ শিক্ষা সঞ্চালক জগদীশ প্ৰসাদ ব্ৰহ্ম আৰু জিলা ন'ডেল বিষয়া তথা কোকৰাঝাৰ বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যক্ষ আৰ এন সিনহাই ৷
ইপিনে,স্কুটী বিতৰণ কৰি বিধায়ক বসুমতাৰীয়ে অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগে কৃতী শিক্ষাৰ্থীৰ মাজত স্কুটী বিতৰণ কৰি ছাত্ৰ-ছাত্ৰীসকলক অধ্যয়নত অধিক উৎসাহিত কৰা বুলি মন্তব্য কৰে ৷ এইক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলক অহা দিনবোৰত শৈক্ষিক ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদানৰ আহ্বান জনায় ৷ তেওঁ অসম চৰকাৰৰ শিক্ষা ডাঃ মন্ত্ৰী ৰণোজ পেগুৱে শিক্ষা বিভাগটোক আগবঢ়াই নিয়া বুলি কয় (Education Dr Minister Ranoj Pegu) ৷
উক্ত অনুষ্ঠানত জিলা তথ্য আৰু জনসংযোগ বিষয়া গগন নাৰ্জাৰীসহ কেইবাগৰাকী বিশিষ্ট ব্যক্তি আৰু জিলাখনৰ বিভিন্ন প্ৰান্তৰ শিক্ষাৰ্থীসকল উপস্থিত থাকে ৷ উল্লেখ্য যে, কোকৰাঝাৰ জিলাত বিগত বৰ্ষত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ৬০ শতাংশৰ অধিক নম্বৰৰে উত্তীৰ্ণ হৈ ৬০০ গৰাকী মেধাৱী ছাত্ৰীয়ে স্কুটী লাভৰ বাবে নিৰ্বাচিত হোৱাৰ বিপৰীতে ৭৫ শতাংশ বা ততোধিক নম্বৰৰে ৬১ গৰাকী মেধাবী ছাত্ৰই স্কুটী লাভ কৰিছে ।
লগতে পঢ়ক:RSS Chief Mohan Bhagawat at Guwahati: অসমত আৰ এছ এছৰ শক্তি বৃদ্ধিৰ লক্ষ্যৰে প্ৰেৰণা শিবিৰত মোহন ভাগৱত