অসম

assam

2020ৰ সাহিত্য অকাডেমী বঁটা: ড৹ অজিত বড়োকে ধৰি ৰাজ্যৰ ছয়গৰাকীলৈ এই বঁটা

By

Published : Mar 13, 2021, 10:32 AM IST

Updated : Mar 13, 2021, 10:47 AM IST

বড়ো ভাষাৰ শিশু সাহিত্য শিতানত 2020 বৰ্ষৰ সাহিত্য অকাডেমী বঁটা লাভ কৰিছে বিশিষ্ট সাহিত্যিক তথা শিক্ষাবিদ ড৹ অজিত বড়োৱে ৷ কোকৰাঝাৰ জিলাৰ গোসাইগাওঁ বিএড কলেজৰ অধ্যক্ষ হিচাপে কৰ্মৰত ড° অজিত বড়োই ড়ো ভাষাত অতি কমেও ১২ খন প্ৰৱন্ধ, উপন্যাস আদি প্ৰকাশ কৰি উলিওৱাৰ উপৰিও ইংৰাজী আৰু বড়ো ভাষাৰ ৬৫ খনতকৈও অধিক আলোচনী, স্মৃতি গ্ৰন্থ আদি সম্পাদনা কৰাৰ লগতে ২২ খনকৈ আলোচনীৰ মুখ্য সম্পাদক হিচাপে বিশেষ দায়িত্ব পালন কৰিছে ৷

As_kjr_dr-ajit-boro-got-sisu-sahitya-academy-award-2020-in-bodo-language_img_as10044
ড৹ অজিত বড়োলৈ বড়ো ভাষাৰ 2020 বৰ্ষৰ শিশু সাহিত্য অকাডেমী বঁটা

কোকৰাঝাৰ, 13 মাৰ্চ:শুকুৰবাৰে ঘোষণা কৰা হয় 2020 বৰ্ষৰ সাহিত্য অকাডেমী বঁটা ৷ এইবেলি ৰাজ্যৰ 6 গৰাকীকৈ সাহিত্যিকক প্ৰদান কৰা হৈছে এই সন্মান ৷ ইয়াৰ ভিতৰত শিশু সাহিত্য শিতানত বড়ো ভাষাত এই বঁটা প্ৰদান কৰা হৈছে বিশিষ্ট সাহিত্যিক তথা শিক্ষাবিদ ড৹ অজিত বড়োক ৷ বড়ো ভাষাত লিখা ‘গথছা বিছম্বিৰ’ গ্ৰন্থখনৰ বাবে ড৹ অজিত বড়োক এই বঁটাৰে সন্মানিত কৰা হয় ৷

ড৹ অজিত বড়োলৈ বড়ো ভাষাৰ 2020 বৰ্ষৰ শিশু সাহিত্য অকাডেমী বঁটা

আনহাতে, এই সন্দৰ্ভত মন্তব্য কৰি সাহিত্যিক গৰাকীয়ে কয় বঁটা লাভৰ বাতৰিটো প্ৰথমে তেওঁক বড়ো সাহিত্য সভাৰ সভাপতি তৰেণ বড়োই ফোনযোগে অৱগত কৰিছিল ৷ সাহিত্য সৃষ্টিৰ কামত জড়িত ব্যক্তি সকলৰ বাবে সাহিত্য অকাডেমীৰ বাবে নিৰ্বাচিত হোৱাটো যথেষ্ট আনন্দদায়ক আৰু উৎসাহজনক বুলিও কয় ড° অজিত বড়োই ৷

লগতে কয় যে, সাহিত্য সৃষ্টিত পূৰ্বৰে পৰাই তেওঁৰ এক বিশেষ আকৰ্ষণ আছিল ৷ এই বঁটা লাভ কৰাৰ পিছত ভৱিষ্যতে নতুন নতুন সাহিত্য সৃষ্টি কৰাৰ বাবে তেওঁক আৰু অধিক অনুপ্ৰাণিত কৰিব ৷ এইক্ষেত্ৰত কোকৰাঝাৰবাসী ৰাইজে সাহিত্য সৃষ্টিৰ ক্ষেত্ৰত বহুখিনি অনুপ্ৰেৰণা যোগাই আহিছে বুলি কোকৰাঝাৰবাসী ৰাইজলৈ ধন্যবাদ জ্ঞাপন কৰে ড° অজিত বড়োই ৷

মাধুৰীমা ঘৰফলীয়ালৈ বড়ো ভাষাৰ 2020 বৰ্ষৰ শিশু সাহিত্য অকাডেমী বঁটা

উল্লেখ্য যে, কোকৰাঝাৰ জিলাৰ গোসাইগাওঁ বি.এড কলেজৰ অধ্যক্ষ হিচাপে কৰ্মৰত ড° অজিত বড়োই বড়ো ভাষাত অতি কমেও ১২ খন প্ৰৱন্ধ, উপন্যাস আদি প্ৰকাশ কৰি উলিওৱাৰ উপৰিও ইংৰাজী আৰু বড়ো ভাষাৰ ৬৫ খনতকৈও অধিক আলোচনী, স্মৃতি গ্ৰন্থ আদি সম্পাদনা কৰাৰ লগতে ২২ খনকৈ আলোচনীৰ মুখ্য সম্পাদক হিচাপে বিশেষ দায়িত্ব পালন কৰিছে ৷

ড° অজিত বড়োৰ উপৰিও ‘বেংছতা’ গ্ৰন্থৰ বাবে ডাঃ অপূৰ্ব কুমাৰ শইকীয়াই অসমীয়া ভাষাত আৰু ‘গৌথেনাই লামাইঅ’ গ’দান আগন’ গ্ৰন্থৰ বাবে প্ৰয়াত ধৰণীধৰ ওৱাৰীক সাহিত্য অকাডেমী বঁটাৰে সন্মানিত কৰা হৈছে ৷ ইয়াৰ উপৰিও দ্বিজেন দাস আৰু নিউটন কুমাৰ বসুমতাৰীক 2020 বৰ্ষৰ সাহিত্য অকাডেমী যুৱ বঁটা আৰু মাধুৰীমা ঘৰফলীয়াক 'ফচং'নামৰ অসমীয়া ভাষাৰ শিশু সাহিত্যৰ বাবে সাহিত্য অকাডেমী বঁটাৰে সন্মানিত কৰা হয় ৷ বঁটা প্ৰাপ্ত আটাইকেইগৰাকী সাহিত্যিককে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অভিনন্দন জ্ঞাপন কৰে ৷

লগতে পঢ়ক-গীতৰ তালে-তালে নৃত্য চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ

Last Updated : Mar 13, 2021, 10:47 AM IST

ABOUT THE AUTHOR

...view details