অসম

assam

ETV Bharat / state

গোসাঁইগাঁও কুৰ্শাকাটীত দৌল সুঁৱেৰী উৎসৱ - গোসাঁইগাঁও কুৰ্শাকাটীত দৌল সুঁৱেৰী উৎসৱ

গোসাঁইগাঁও কুৰ্শাকাটীত কোচৰাজবংশী সকলৰ পৰম্পৰা দৌল সুঁৱেৰী উৎসৱ । ফাকুৱা উৎসৱৰ সমান্তৰালকৈ কোচৰাজবংশী সকলৰ পৰম্পৰা দৌল সুঁৱেৰী উৎসৱ আৰম্ভ হৈছে গোসাঁইগাঁও কুৰ্শাকাটীত ।

কোকৰাঝাৰ
গোসাঁইগাঁও কুৰ্শাকাটীত দৌল সুঁৱেৰী উৎসৱ

By

Published : Mar 11, 2020, 11:24 AM IST

Updated : Mar 11, 2020, 11:33 AM IST

কোকৰাঝাৰ, 11 মাৰ্চঃ কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁওৰ কূৰ্শাকাটীত কোচৰাজবংশী সকলে তিনিদিনীয়াকৈ উদযাপনৰে আৰম্ভ হয় দৌল সুঁৱেৰী উৎসৱ । ৰাধা-কৃষ্ণক কেন্দ্র কৰি পালন কৰা হয় এই কোচৰাজবংশী সকলৰ এই পৰম্পৰা উৎসৱক । দোল পূৰ্ণিমাৰ তিনিদিন পূৰ্বে ভেলা ঘৰত জুই দিয়ে আৰু পূৰ্ণিমাৰ দিনা ৰাধা-কৃষ্ণক স্হাপন কৰা ভেটিত পূজা পাৰ্বণ কৰা হয় । দলযাত্ৰা দিনা কুৰ্শাকাটী হাইস্কুল খেলপথাৰত ৰাধা-কৃষ্ণক লৈ দৌল সুঁৱেৰী উলিওৱা হয় । আনহাতে, দৌল সুঁৱেৰীত অংশ গ্ৰহণ কৰে সকলো স্থানীয় বাসিন্দাই । নৃত্য-গীত কৰা হয়, পৰম্পৰাগত বাদ্যযন্ত্ৰ বজোৱা হয়, সৰুৰে ডাঙৰৰ পৰা আৰ্শীবাদ লয়, দোল শোৱাৰীক বৰণ কৰি লোৱা হয়, আবিৰ আৰু ফাকুৱা ইজনে সিজনক লগাই আনন্দ কৰে গাঁওবাসীয়ে । দৌল সুঁৱেৰীত শিশু, ডেকা-গাভৰু, পুৰুষ-মহিলা অংশগ্ৰহণ কৰে ।

গোসাঁইগাঁও কুৰ্শাকাটীত দৌল সুঁৱেৰী উৎসৱ

আজিৰ দিনটোত প্ৰত্যেক বছৰে কুৰ্শাকাটী গাঁৱৰ কোচৰাজবংশী আৰু বিভিন্ন ধৰ্মাৱলম্বী মানুহে কুৰ্শাকাটী হাইস্কুল খেলপথাৰত একেলগ হৈ আনন্দ-ফুৰ্তি কৰি এজনে আনজনৰ পৰা আৰ্শীবাদ-ভালপোৱা লোৱা দেখা যায় ।

আৰু পঢ়কঃ দিল্লী সংঘৰ্ষ সম্পৰ্কত 11 মাৰ্চত লোকসভাত আলোচনা

Last Updated : Mar 11, 2020, 11:33 AM IST

ABOUT THE AUTHOR

...view details