কোকৰাঝাৰ, ৩০ জানুৱাৰী: ৰাজ্য চৰকাৰৰ 'অসম দৰ্শন' (নামঘৰ) আঁচনিৰ অধীনত শনিবাৰে কোকৰাঝাৰ জিলাৰ ২৩৯ টা ধৰ্মীয় অনুষ্ঠানলৈ দুই লাখ টকাকৈ অসম চৰকাৰৰ পৰা আৰ্থিক অনুদানৰ অনুমোদন পত্ৰ বিতৰণ কৰা হয় । ধৰ্মীয় অনুষ্ঠানসমূহৰ আন্তঃগাঁথনিৰ উন্নয়ন আৰু বিকাশৰ বাবে প্ৰদান কৰা হয় এই আৰ্থিক অনুদানৰ অনুমোদন পত্ৰ ৷
বিটিআৰৰ সদৰ কোকৰাঝাৰ চহৰৰ বিজ্ঞান মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত এক সভাৰ জৰিয়তে জিলাখনৰ ২৩৯ টা ধৰ্মীয় অনুষ্ঠানলৈ আৰ্থিক অনুদানৰ অনুমোদন পত্ৰ বিতৰণ কৰা হয় ৷ জিলা উপায়ুক্ত ভাস্কৰ ফুকনৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত আনুষ্ঠানিকভাৱে প্ৰথমে দহটা বাথৌ থানছালী, নামঘৰ আৰু সত্ৰলৈ দুই লাখ টকাৰ আৰ্থিক সাহাৰ্যৰ অনুমোদন পত্ৰসমূহ বিতৰণ কৰা হয় ৷