অসম

assam

তৃতীয় বড়ো চুক্তিকলৈ পৰ্যালোচনা বি পি এফৰ

By

Published : Jan 31, 2020, 8:05 PM IST

তৃতীয় বড়ো চুক্তিকলৈ পৰ্যালোচনা বিপিএফ-ৰ ৷ কিছুদিন পূৰ্বে স্বাক্ষৰিত বিটিআৰ চুক্তিকলৈ ৰাজসাক্ষী হোৱা হাগ্ৰামা মহিলাৰীৰ ওলোটা খৰ ৷ নতুন দিল্লীত সম্পাদিত হোৱা ঐতিহাসিক বিটিআৰ চুক্তিখন আনুষ্ঠানিকভাৱে গৃহীত নোহোৱাৰ পূৰ্বে বড়োভূমিৰ ৰাজনৈতিক জগতত এতিয়া চলিছে গৰম বতাহ ৷

কোকৰাঝাৰ
বড়োভূমিৰ ৰাজনৈতিক জগতত গৰম বতাহ

কোকৰাঝাৰ,31 জানুৱাৰীঃ তৃতীয় বড়ো চুক্তিকলৈ পৰ্যালোচনা বিপিএফ-ৰ ৷ কিছুদিন পূৰ্বে স্বাক্ষৰিত বিটিআৰ চুক্তিকলৈ ৰাজসাক্ষী হোৱা হাগ্ৰামা মহিলাৰীৰ ওলোটা খৰ ৷ নতুন দিল্লীত সম্পাদিত হোৱা ঐতিহাসিক বিটিআৰ চুক্তিখন আনুষ্ঠানিকভাৱে গৃহীত নোহোৱাৰ পূৰ্বে বড়োভূমিৰ ৰাজনৈতিক জগতত এতিয়া চলিছে গৰম বতাহ ৷ উল্লেখ্য যে, তৃতীয় বড়ো চুক্তিত স্বাক্ষৰ কৰা বড়ো জাতীয় সংগঠন নিখিল বড়ো ছাত্ৰ সন্থাৰ কোনো অৱদান নাই বুলি মন্তব্য প্ৰকাশ কৰি পুনৰ এবছুক আক্ৰমণৰ লক্ষ কৰি তোলে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে । শুকুৰবাৰে কোকৰাঝাৰৰ তিতগুৰিষ্ঠিত গ্ৰীণ ফিল্ডত বিপিএফৰ দলীয় কৰ্মীৰ সভাত ভাগলৈ এইদৰে কয় বিটিচি প্ৰধান গৰাকীয়ে ৷

বড়োভূমিৰ ৰাজনৈতিক জগতত গৰম বতাহ

এন ডি এফ বি-ৰ চাৰিটা গোটৰ লগতে এবছু,ইউ বি পি ও-ই স্বাক্ষৰ কৰা এই চুক্তিৰ ফলত বিটিচি-বাসীয়ে লাভালাভৰ পৰিৱৰ্তে লোকচান হৈছে বুলি উল্লেখ কৰে হাগ্ৰামা মহিলাৰীয়ে। বিটিআৰৰ প্ৰসংগত শোণিতপুৰ আৰু বিশ্বনাথ সম্প্ৰসাৰণৰ কথা এবছুহে জানিব বুলি কয় মহিলাৰীয়ে । শুকুৰবাৰে অনুষ্ঠিত সভাখনত মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্ম, বিধায়ক ৰবিৰাম নাৰ্জাৰী,ইমানুৱেল মুচাহাৰী, মাজেন্দ্ৰ নাৰ্জাৰী,কামলী বসুমতাৰী, বিটিচিৰ উপ-প্ৰধান খাম্ফা বৰগয়াৰী, বিপিএফ নেতা প্ৰবীণ বড়োকে ধৰি বহুকেইজন বিপিএফ নেতা উপস্থিত থাকে ।

লগতে চাওকঃপ্লাষ্টিক নিষেধাজ্ঞাৰ জৰিয়তে মৰাপাট শিল্পৰ পুনৰুদ্ধাৰ

ABOUT THE AUTHOR

...view details