ধুবুৰী; 17 জুনঃধুবুৰীৰ গৌৰীপুৰত কোকৰাঝাৰ আৰক্ষী আৰু ধুবুৰী আৰক্ষীৰ যৌথ অভিযান। আন্তঃৰাষ্ট্ৰীয় গৰুৰ চোৰাং বেপাৰীৰ বিৰুদ্ধে আৰক্ষীৰ দলটোৱে গৌৰীপুৰৰ ভিন্ন স্থানত চলাইছে এই অভিযান।
গৌৰীপুৰত ধুবুৰী আৰু কোকৰাঝাৰ আৰক্ষীৰ যুটিয়া অভিযান - dhuburi & kokrajhar police joint operation
ধুবুৰীৰ গৌৰীপুৰত কোকৰাঝাৰ আৰু ধুবুৰী আৰক্ষীৰ যুটীয়া অভিযান। চোৰাং গৰু ব্যৱসায়ীৰ বিৰুদ্ধে এই অভিযান। এতিয়ালৈ কোনো এজনক আটক কৰিবলৈ সক্ষম হোৱা নাই যদিও চোৰাং গৰুৰ বেপাৰীৰ বাসগৃহত চলাইছে অভিযান।
গৌৰীপুৰত ধুবুৰী আৰু কোকৰাঝাৰ আৰক্ষীৰ যুটিয়া অভিযান
জানিব পৰা মতে ধুবুৰীৰ গৰুৰ চোৰাং বেপাৰী ছাইফুল ইছলাম, এ,কে, মন্ডল আৰু গৌৰীপুৰৰ চোৰাং গৰু বেপাৰী আদম আলী আৰু জাহাংগীৰ আলমৰ বিৰুদ্ধে চলোৱা হৈছে এই অভিযান । আটাইকেইজনৰ বিৰুদ্ধে কোকৰাঝাৰৰ কচুগাওঁ থানাত ৩৪/১৯ নম্বৰত ৰুজু হৈ আছে এক গোচৰ। উক্ত গোচৰৰ অধীনত আৰক্ষীয়ে যুটীয়া ভাবে চলাইছে এই অভিযান। অৱশ্যে এতিয়ালৈকে কোনো ব্যক্তিক গ্ৰেপ্তাৰ কৰিব পৰা নাই।