অসম

assam

ETV Bharat / state

ধুবুৰীত বহিঃৰাজ্যৰ পৰা অসম-বংগ সীমান্তৰে গোপনে আগমন শ্ৰমিকৰ

ধুবুৰীত বহিঃৰাজ্যৰ পৰা অসম-বংগ সীমান্তৰে গোপনে আগমন ঘটিছে শ্ৰমিক তথা আন লোকসকলৰ । আতংকিত অঞ্চলবাসী ৰাইজ ।

ধুবুৰী
ধুবুৰীত বহিঃৰাজ্যৰ পৰা অসম বংগ সীমান্তৰে গোপনে আগমন ঘটিছে শ্ৰমিকৰ

By

Published : May 1, 2020, 9:47 PM IST

ধুবুৰী, ১ মে': ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত অসম-বংগ সীমান্তবৰ্তী পাকৰীগুৰী, বেলপাৰাচৰ আদি অঞ্চল কৰিডৰ হিচাপে ব্যৱহাৰ কৰিছে বহিঃৰাজ্যত কৰ্ম কৰি থকা অসমৰ শ্ৰমিক আৰু আন লোকসকলে‌ । চৰকাৰে অসম-বংগ সীমান্তৰ শ্ৰীৰামপুৰ আৰু ছাগলীয়াত অসমৰ পৰা গৈ বহিঃৰাজ্যত কৰ্ম কৰি থকাসকলক ১৪ দিনৰ বাবে কোৱাৰাণ্টাইন কৰি ৰাখিবলৈ চেণ্টাৰ স্থাপন কৰিছে । কিন্তু এচাম শ্ৰমিক তথা অন্য লোকে কোৱাৰাণ্টাইন চেণ্টাৰলৈ নগৈ গোপনে বক্সিহাটৰ পৰা পাকৰীগুৰী, বেলপাৰাচল, পশ্চিমবংগৰ সীমান্ত অঞ্চল লাউকুটি আদি হৈ কেইবাটাও পথেৰে গংগাধৰ নদী পাৰ হৈ অসমত প্ৰৱেশ কৰি আহিছে‌‌ । এটা চক্ৰই ধনৰ বিনিময়ত বহিঃৰাজ্যত কৰ্ম কৰা লোক সকলক গোপনে নদী পাৰ কৰোৱা বুলিও অভিযোগ উথাপন কৰে স্থানীয় ৰাইজে ‌‌‌।

ধুবুৰীত বহিঃৰাজ্যৰ পৰা অসম বংগ সীমান্তৰে গোপনে আগমন ঘটিছে শ্ৰমিকৰ

এনেদৰে অবৈধভাবে শ্ৰমিক তথা আন লোকসকল অসমত প্ৰৱেশ কৰাত সীমান্তৱৰ্তী অঞ্চলৰ ৰাইজ শংকাত ভুগিছে । এইসকল লোকৰ পৰাই যিকোনো সময়ত কৰ'ণা ভাইৰাছে সীমান্ত অঞ্চলক গ্ৰাস কৰিব বুলি আশংকা প্ৰকাশ কৰিছে লোকসকলে । সময় থাকোতে চৰকাৰ বা প্ৰশাসনে ইয়াৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী তুলিছে সচেতন মহলে‌ ।

ধুবুৰীত বহিঃৰাজ্যৰ পৰা অসম বংগ সীমান্তৰে গোপনে আগমন ঘটিছে শ্ৰমিকৰ

ABOUT THE AUTHOR

...view details