কোকৰাঝাৰ, 28 ছেপ্টেম্বৰ: বিটিআৰৰ শান্তি চুক্তিৰ (Bodo Peace Accord) পিছত শান্তিৰ পৰিৱেশ বিৰাজ কৰা বড়োভূমিত পুনৰ পৃথক বড়োলেণ্ডৰ দাবী উত্থাপিত হৈছে ৷ পুনৰ উচ্চাৰিত হৈছে ডিভাইড আছাম ফিফটি ফিফটি ধ্বনি ৷ বিটিআৰ আৰু বিটিআৰৰ শান্তি চুক্তিক লৈ যে বহুসংখ্যক বড়ো ৰাইজ সন্তুষ্ট অথবা আশ্বস্ত নহয় সেয়া যেন আকৌ এবাৰ প্ৰমাণিত হ’ল ৷
মঙলবাৰে কোকৰাঝাৰৰ নিকটৱৰ্তী দেৱৰগাঁও পথাৰত আয়োজিত এক গণসমাৱেশত ভাগ লৈ কেবাশতাধিক বড়ো ৰাইজে হাতে হাতে বেনাৰ-ফেষ্টুন লৈ ডিভাইড আছাম ফিফটি ফিফটি শ্ল’গান দি পৃথক বড়োলেণ্ডৰ সজোৰ দাবী উত্থাপন কৰে (Demand for separate Bodoland by BoNSU) ৷ পৃথক বড়োলেণ্ডৰ দাবীত বড়ো নেছনেল ষ্টুডেণ্টছ ইউনিয়ন (Bodo National Students' Union) চমুকৈ বনছুৰ উদ্যোগত দেৱৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ (Debargaon H.S. School) খেলপথাৰত আয়োজন কৰা হয় এখন গণ সমাৱেশৰো ৷