কোকৰাঝাৰ, ১৫ জুন : ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা কোকৰাঝাৰৰ অভয়াকুটিত সংঘটিত হোৱা ঘটনাৰ অৱশেষত ৰহস্যভেদ হৈছে । যোৱা 11 জুনত কোকৰাঝাৰ থানাৰ অভয়াকুটিত সংঘটিত হোৱা এই ঘটনা সন্দৰ্ভত মঙলবাৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা(CM Himanta Bishwa Sarma) ই এক টুইটযোগে উক্ত ঘটনাটো ধৰ্ষণ আৰু হত্যা বুলি অভিহিত কৰিছে ৷ লগতে এই সন্দৰ্ভত বিটিআৰৰ আইজিপি ড৹ এল আৰ বিষ্ণৈইয়ে(IGP BTR Dr LR Bishnoi) তেওঁক অৱগত কৰা বুলি সদৰী কৰিছে ।
শেহতীয়াকৈ দুই সম্পৰ্কীয় ভগ্নীয়ে একেডাল গছতে চীপ লোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷ ঘটনাস্থলীত বিগত 13 জুনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ অতি শীঘ্ৰে প্ৰকৃত ৰহস্য ফাদিল কৰিবলৈ আৰক্ষীক নিৰ্দেশ প্ৰদান কৰিছিল । পৰৱৰ্তী সময়ত কোকৰাঝাৰ আৰক্ষীয়ে তাৎক্ষণিকভাৱে 7 জনকৈ লোকক এই ঘটনাৰ সৈতে জড়িত হোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল ৷ ইয়াৰ পিছতে মঙলবাৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নাবালিকা দুগৰাকী ধৰ্ষণ আৰু হত্যাৰ বলি হোৱা বুলি টুইট কৰে ।