অসম

assam

ETV Bharat / state

কোকৰাঝাৰত ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত উদ্ধাৰ মহিলাৰ মৃতদেহ - প্ৰমিলা নাৰ্জাৰী

কোকৰাঝাৰত হত্যাৰ বলি ৰেচম বিভাগৰ এগৰাকী কৰ্মচাৰী । জিলাখনৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ পৰা ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ প্ৰমিলা নাৰ্জাৰী নামৰ মহিলাগৰাকীৰ মৃতদেহ ৷ উক্ত ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি চাঞ্চল্য ৷ হত্যাকাৰীক কৰায়ত্বৰ দাবী ।

Deadbody recovered near national highway in kokrajhar assam etv bharat news
মহিলাৰ মৃতদেহ উদ্ধাৰ

By

Published : Sep 9, 2020, 4:19 PM IST

কোকৰাঝাৰ,9 ছেপ্তেম্বৰ: কোকৰাঝাৰৰ বিছমুৰীৰ অন্তৰ্গত ৰাইজাম্ফালাত ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ হৈছে এগৰাকী মহিলাৰ মৃতদেহ ৷ উক্ত মৃতদেহ উদ্ধাৰৰ ঘটনাই সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্যৰ ৷ ঘটনাৰ বিৱৰণী অনুসৰি,জিলাখনৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত উদ্ধাৰ হোৱা ক্ষত-বিক্ষত মৃতদেহটো ছেৰফাংগুৰী নেপালপাৰাৰ নিবাসী তথা ৰেচম বিভাগৰ কৰ্মচাৰী প্ৰমিলা নাৰ্জাৰীৰ বুলি চিনাক্ত কৰা হৈছে । ঘটনাস্থলীৰ পৰা এখন তেজলগা খুকুৰী উদ্ধাৰ কৰা আৰক্ষীয়ে এয়া এক হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰিছে ৷

মহিলাৰ মৃতদেহ উদ্ধাৰ

উল্লেখ্য যে,বুধবাৰে পুৱা প্ৰাতঃভ্ৰমণলৈ অহা একাংশ ব্যক্তিয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত মহিলাগৰাকীৰ মৃতদেহটো পৰি থকা দেখি স্থানীয় আৰক্ষীক খবৰ দিয়ে । উক্ত খবৰৰ ভিত্তিত ঘটনাস্থলীত উপস্থিত হয় জিলা আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশান,উপ-আৰক্ষী অধীক্ষক পুনমজিৎ নাথকে ধৰি উচ্চ পদস্থ বিষয়াবৰ্গ ৷ আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷ মৰণোত্তৰ পৰীক্ষাৰ ফলাফল লাভৰ পিছতহে প্ৰকৃত তথ্য় উদঘাটন হোৱাৰ আশংকা প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷

ইপিনে ঘটনাস্থলী পৰিদৰ্শন কৰি মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মই এই সন্দেহজনক হত্যাকাণ্ডৰ ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে শীঘ্ৰে কাণ্ডটোত জড়িত সকলক কৰায়ত্ব কৰি কঠোৰ শাস্তিৰ পোষকতা কৰে ৷ আনহাতে,ভুক্তভোগীৰ পুত্ৰ বিৰ্দাও নাৰ্জাৰীয়ে সদৰী কৰা অনুসৰি,ৰেচম বিভাগত কৰ্মৰত মহিলাগৰাকীয়ে কেতিয়াবা কাৰ্যালয় ছুটীৰ পিছত ঘৰলৈ আহিবলৈ গাড়ী নাপালে কোকৰাঝাৰ চহৰতে কোনো বান্ধৱী নাইবা আত্মীয়ৰ ঘৰত নিশাটো অতিবাহিত কৰিছিল । মঙলবাৰে নিশাও মহিলাগৰাকী ঘৰলৈ উভতি নহাত অনুৰূপ কাৰণতে কোকৰাঝাৰত থকা বুলি ধৰি লৈছিল পৰিয়ালবৰ্গই ৷ কিন্তু বুধবাৰে পুৱা মহিলাগৰাকীৰ পুত্ৰই এটা ফেচবুক পোষ্টৰ জৰিয়তে ঘটনাৰ বিতং খবৰ জানিব পাৰি ঘটনাস্থলীলৈ আহি চিনাক্ত কৰে মাতৃৰ মৃতদেহ ।

উল্লেখ্য যে,হত্যাৰ বলি হোৱা প্ৰমিলা নাৰ্জাৰীয়ে স্বামী ঢুকোৱাৰ পিছত দ্বিতীয় বিবাহ সম্পন্ন কৰিছিল । প্ৰথম স্বামীৰ ফালৰ পৰা মহিলাগৰাকীৰ তিনিটাকৈ পুত্ৰ সন্তান আছে ৷ মঙলবাৰে প্ৰমিলাই ছেৰফাংগুৰী নেপালপাৰাস্থিত প্ৰথম স্বামীৰ ঘৰৰ পৰা কাৰ্যালয়লৈ আহিছিল যদিও বুধবাৰে নাৰ্জাৰীৰ ক্ষত-বিক্ষত মৃতদেহ উদ্ধাৰ হয় ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত ৷

লগতে চাওকঃবাংগালুৰু বিমান বন্দৰত জব্দ 1 কোটিতকৈও অধিক মূল্যৰ ড্ৰাগছ

ABOUT THE AUTHOR

...view details