কোকৰাঝাৰ,30 জুন: কোকৰাঝাৰ জিলাৰ কাৰিগাঁও আৰক্ষী চকীৰ অন্তৰ্গত আমগুৰীত মঙলবাৰে উদ্ধাৰ হয় এগৰাকী মহিলাৰ মৃতদেহ ৷ নদীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হোৱা মৃতদেহৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ । মৃত মহিলাগৰাকী চিৰাং জিলাৰ ৰুণীখাটাৰ 42 বছৰীয়া কোচমোটিকা টুডু বুলি চিনাক্ত কৰা হৈছে ।
নদীৰ সোঁতত উটি আহিল মহিলাৰ মৃতদেহ - কাৰিগাঁও আৰক্ষী চকী
কোকৰাঝাৰৰ আমগুৰীৰ লুংচুং নৈৰ পৰা এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে ৷ মৃত মহিলাগৰাকী শাৰীৰিকভাৱে অসুস্থ আছিল বুলি জানিব পৰা গৈছে ৷
![নদীৰ সোঁতত উটি আহিল মহিলাৰ মৃতদেহ Deadbody recovered in a river of kokrajhar assam etv bharat news](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7835091-thumbnail-3x2-a.jpg)
নৈত উদ্ধাৰ মহিলাৰ মৃতদেহ
নৈত উদ্ধাৰ মহিলাৰ মৃতদেহ
ঘটনা প্ৰসংগত কাৰিগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অংগাৰাজ চেত্ৰীয়ে সদৰি কৰা মতে, পুৱা গাঁৱবাসীৰ খবৰৰ ভিত্তিত আমগুৰীৰ লুংচুং নৈৰ পৰা আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰে ৷ আৰক্ষীৰ প্ৰাথমিক তদন্তত মৃত মহিলাগৰাকী শাৰীৰিকভাৱে অসুস্থ থকাৰ কথা প্ৰকাশ পাইছে ৷
লগতে চাওকঃবাক্সাত চানতাল জনগোষ্ঠীৰ সংহতি দিৱস