কোকৰাঝাৰ, 1 ছেপ্টেম্বৰ: পুনৰ বহিঃ ৰাজ্যত উদ্ধাৰ অসমৰ যুৱতী ৷ ৰাজ্যৰ একাংশ যুৱতী-মহিলাক কৰ্মসংস্থাপনৰ প্ৰলোভনেৰে বহিঃ ৰাজ্যলৈ লৈ গৈ বিভিন্ন অপকৰ্মত লিপ্ত কৰোৱা ঘটনা প্ৰায়ে পোহৰলৈ আহিছে ৷ আৰক্ষী-প্ৰশাসন এই ক্ষেত্ৰত কঠোৰ হৈছে যদিও তাৰ মাজতে ন ন কৌশল প্ৰয়োগ কৰি একাংশ লোকে এইদৰে বহিঃ ৰাজ্যলৈ যুৱতী-মহিলা সৰবৰাহ কৰি আহিছে (Taking girls for employment) ৷
শেহতীয়াকৈ দীন দয়াল উপাধ্যায় গ্ৰামীণ কৌশল বিকাশ যোজনাৰ অধীনত বহিঃ ৰাজ্যত কৰ্মসংস্থাপিত কৰিবলৈ নিয়া এগৰাকী যুৱতীক দিল্লীৰ এটা স্বেচ্ছাসেৱী সংগঠনৰ আশ্ৰয় গৃহত বলপূৰ্বক অপকৰ্মত লিপ্ত কৰোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ঘটনাৰ বিৱৰণ অনুসৰি, কোকৰাঝাৰ খাৰগাঁওস্থিত দীন দয়াল উপাধ্যায় কৌশল বিকাশ কেন্দ্ৰত মাল্টিস্কিল টেকনিচিয়ান বিষয়ত চাৰি মহীয়া প্ৰশিক্ষণ গ্ৰহণ কৰিছিল যুৱতীগৰাকীয়ে ৷
প্ৰশিক্ষণ গ্ৰহণৰ দুমাহ পিচত যুৱতীগৰাকীক দীন দয়াল উপাধ্যায় কৌশল বিকাশ কেন্দ্ৰৰ ষ্টেট হেড পলাশ ৰাজবংশীয়ে চেন্নাইত 18 হেজাৰ টকা দৰমহাত চাকৰিত নিযুক্তি দিয়া হ’ব আৰু ৯ আগষ্টত তাইক চেন্নাই লৈ যাব বুলি জনায় ৷ সেই মৰ্মে ৯ আগষ্টত চেন্নাইৰ পৰিৱৰ্তে উক্ত যুৱতীসহ কেন্দ্ৰটোৰ মুঠ ৪০ গৰাকী যুৱক-যুৱতীক লৈ নৰ্থ ইষ্ট এক্সপ্ৰেছেৰে কেন্দ্ৰটোৰ ষ্টেট হেড পলাশ ৰাজবংশীয়ে উত্তৰ প্ৰদেশৰ "নয়দা"লৈ যাত্ৰা কৰে ।
নয়দাত মিন্দা কোম্পানীত এই যুৱক-যুৱতীসকলে মৌখিক পৰীক্ষাত অৱতীৰ্ণ হয় ৷ কিন্তু উক্ত কোম্পানী কৰ্তৃপক্ষই যুৱক -যুৱতীসকলৰ কেইবাজনকো যোগ্য নহয় বুলি নথি পত্ৰবোৰ ওভোতাই দিয়ে । তেতিয়া পলাশ ৰাজবংশীয়ে যুৱক-যুৱতীসকলক আন কোম্পানীত নিযুক্তি দিয়া হ’ব বুলি আশা দেখুৱাই এটা হোষ্টেলত থকাৰ ব্যৱস্থা কৰি দিয়ে ।
কিন্তু সকলো কিনি খাবলগীয়া হোৱাত হাতত পৰ্যাপ্ত পৰিমাণৰ টকা নথকা বাবে যুৱতীগৰাকীয়ে ঘৰলৈ ঘুৰি অহাৰ উদ্দেশ্যো ১৬ আগষ্টৰ দিনা পুৱাই হোষ্টেলৰ পৰা পলাই দিল্লীত উপস্থিত হয় । তাৰ পৰা যুৱতীগৰাকীয়ে মাকক মই চাকৰি নকৰি পলাই অহা বুলি জানিব দিয়ে । একেদিনাই এটা অচিনাকি নম্বৰৰ পৰা যুৱতীগৰাকীলৈ এটা ফোন আহে আৰু তেও ক’ত আছে সেয়া শীঘ্ৰে জনাবৰ বাবে কয় ৷ অন্যথা মাকক জেলত ভৰাই থ’ব বুলি ভীতি প্ৰদৰ্শন কৰাত তাই ভয়তে ক’ত আছে সেয়া জনাই দিয়ে ।