কোকৰাঝাৰ,24 জুলাইঃ সমগ্ৰ ৰাজ্যত দ্ৰুতগতিত বৃদ্ধি পাইছে কৰ'ণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৷ কৰ'ণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি অধিক সতৰ্ক হৈ পৰিছে স্বাস্থ্য বিভাগৰ লগতে জিলা প্ৰশাসনসমূহ ৷
আজি কোকৰঝাৰ জিলা উপায়ুক্তৰ কাৰ্যালয় তিনিদিনৰ বাবে কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰা হৈছে ৷ জিলা উপায়ুক্তৰ চৰকাৰী বাসভৱনত কৰ্মৰত আৰক্ষী জোৱান আৰু জিলা উপায়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী ললিত সৰকাৰ ক'ভিড 19 প'জিটিভত আক্ৰান্ত হোৱাত তাৎক্ষণিকভাৱে উপায়ুক্ত ভাস্কৰ ফুকনে কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰে ৷ তদুপৰি,আগন্তুক তিনিদিনৰ বাবে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সকলো কাম-কাজ আৱৰ্ত ভৱনৰ পৰা পৰিচালিত হ'ব বুলি সদৰি কৰিছে উপায়ুক্ত ভাস্কৰ ফুকনে ।