অসম

assam

By

Published : Oct 21, 2020, 11:16 AM IST

ETV Bharat / state

কোকৰাঝাৰত বোৱাৰীক ঘৰৰ পৰা উলিয়াই দিলে শহুৰ-শাহুয়েকে

মঙলবাৰে নিশা কোকৰাঝাৰত নন্দিতা ৰায় নামৰ এগৰাকী বোৱাৰীক ঘৰৰ পৰা উলিয়াই দিয়ে শহুৰ-শাহুয়েকে ৷ বিবাহৰ পাচৰ পৰাই শহুৰ-শাহুৱেকে বোৱাৰী নন্দিতাক অকথ্য নিৰ্যাতন চলোৱাৰ অভিযোগ তুলিছে বোৱাৰী গৰাকীয়ে ৷

Daughter in law harrased in Kokrajhar
কোকৰাঝাৰত বোৱাৰীক ঘৰৰ পৰা উলিয়াই দিলে শহুৰ-শাহুয়েকে

কোকৰাঝাৰ,21 অক্টোবৰ : কোকৰাঝাৰত মঙলবাৰে নিশা এগৰাকী বোৱাৰীক ঘৰৰ পৰা উলিয়াই দিয়ে শহুৰ-শাহুয়েকে ৷ 6 নং ওৱাৰ্ডৰ বাসিন্দা তথা শহুৰ যাদৱ চন্দ্ৰ ৰায় আৰু শাহুয়েক জোস্না ৰায়ে নিজ বোৱাৰী নন্দিতা ৰায়ক বয়-বস্তু দলিয়াই ঘৰৰ পৰা উলিয়াই দিয়ে ৷

কোকৰাঝাৰত বোৱাৰীক ঘৰৰ পৰা উলিয়াই দিলে শহুৰ-শাহুয়েকে

উল্লেখ্য যে,বিগত 6 বছৰ পূৰ্বে গোঁসাইগাঁৱৰ শান্তিনগৰৰ নন্দিতা ৰায়ৰ কোকৰাঝাৰৰ জয়ন্ত ৰায়ৰ সৈতে সামাজিক ৰীতি নিয়মানুসাৰে বিবাহ সম্পন্ন হৈছিল ৷ কিন্তু বিবাহৰ পাচৰ পৰাই শহুৰ-শাহুৱেকে বোৱাৰী নন্দিতাক অকথ্য নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে ৷

অভিযোগ অনুসৰি,নন্দিতাক পুত্ৰ জয়ন্ত ৰায়ে বহু বছৰ পৃথকে ৰাখি আহি বিবাহ বিচ্ছেদ কৰাৰ বাবে জোৰ কৰিছিল ৷ মাজে সময়ে নন্দিতাক মাৰ-ধৰো কৰি আহিছিল শহুৰ-শাহুৱেকে ৷ আনকি এই ঘটনাত স্বামী জয়ন্ত দাসে তেওঁৰ মাক-দেউতাকৰ কথামতেই উঠা-বহা কৰাৰ অভিযোগ তুলিছে বোৱাৰী নন্দিতাই ৷

লগতে পঢ়ক :চাপৰত আৰক্ষীৰ জালত গাঞ্জাসহ সৰবৰাহকাৰী

ABOUT THE AUTHOR

...view details