অসম

assam

ETV Bharat / state

কোকৰাঝাৰত সাংবাদিকৰ মাজত ছেনিটাইজাৰ-মাস্ক বিতৰণ

কোকৰাঝাৰত কৰ'ণা মহামাৰীৰ সংকটৰ সময়তো কৰ্তব্য পালন কৰি থকা সাংবাদিকসকলৰ মাজত ছেনিটাইজাৰ, মাস্ক আৰু হেণ্ডৱাচ বিতৰণ বিটিআৰৰ কাৰ্যবাহী সদস্য দাওবাইছা বড়োৰ । দেওবাৰে কোকৰাঝাৰ প্ৰেছ ক্লাবত এক অনুষ্ঠানৰ আয়োজন কৰি এই সামগ্ৰীসমূহ বিতৰণ কৰা হয় ।

By

Published : May 17, 2021, 2:01 PM IST

Daobaisa bodo distributed free masks and senitizers among journalists
কোকৰাঝাৰত সাংবাদিকৰ মাজত ছেনিটাইজাৰ, মাস্ক বিতৰণ

কোকৰাঝাৰ,17 মে': এতিয়া চৌদিশে ক'ভিড-১৯ ৰ ভয়াৱহ সংক্ৰমণ অব্যাহত আছে । সমান্তৰালকৈ কৰ'ণা আক্ৰান্তৰ মৃত্যুৰ হাৰ বৃদ্ধি হোৱাতো চিন্তাৰ আন এক কাৰণ হৈ পৰিছে । এনে সংকট কালতো দিনে নিশাই বাতৰি সংগ্ৰহ কৰি ৰাইজক ৰাজ্যৰ ভিন্ন প্ৰান্তৰ খবৰ লাভ কৰাত সহায় কৰিছে সাংবাদিকসকলে ।

কোকৰাঝাৰত সাংবাদিকৰ মাজত ছেনিটাইজাৰ, মাস্ক বিতৰণ

নিজৰ জীৱনকো তুচ্ছ কৰি সাংবাদিকসকলে প্ৰতিদিনে নিষ্ঠাৰে কৰ্তব্য পালন কৰি আহিছে । সাংবাদিকসকলৰ কামৰ প্ৰশংসা কৰি দেওবাৰে বিটিআৰৰ কাৰ্যবাহী সদস্য দাওবাইছা বড়োৱে তেওঁলোকৰ মাজত বিনামূলীয়া ছেনিটাইজাৰ, মাস্ক আৰু হেণ্ডৱাচ বিতৰণ কৰে ।

কোকৰাঝাৰত সাংবাদিকৰ মাজত ছেনিটাইজাৰ, মাস্ক বিতৰণ

ক'ভিড বিধি মানি চলি কোকৰাঝাৰ প্ৰেছ ক্লাবত এক অনুষ্ঠানৰ আয়োজন কৰি জিলা সদৰৰ প্ৰতি গৰাকী সাংবাদিকক এই সামগ্ৰীসমূহ প্ৰদান কৰে । ছেনিটাইজাৰ, হেণ্ডৱাচ আৰু মাস্ক বিতৰণৰ অন্তত কাৰ্যবাহী সদস্যগৰাকীয়ে সাংবাদিকসকলে পালন কৰি অহা কৰ্তব্যৰ শলাগ লয় ।

কোকৰাঝাৰত সাংবাদিকৰ মাজত ছেনিটাইজাৰ, মাস্ক বিতৰণ

সাম্প্ৰতিক সময়ত মহামাৰীয়ে সংহাৰী ৰূপ ধৰাৰ বাবে সাংবাদিকসকলৰ লগতে সাধাৰণ ৰাইজকো সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনায় দাওবাইছা বড়োৱে ৷ উল্লেখ্য যে, এই কাৰ্যসূচীত কাৰ্যবাহী সদস্য দাওবাইছা বড়োক যুৱ ইউপিপিএলৰ কৰ্মকৰ্তাসকলে সহযোগিতা আগবঢ়ায় ৷

লগতে পঢ়ক: তিনিচুকীয়াৰ নতুন উপায়ুক্ত পাৱাৰ নাৰসিং চম্ভাজি

ABOUT THE AUTHOR

...view details