কোকৰাঝাৰ, 18 ছেপ্তেম্বৰঃ কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱৰ শক্তি বিভাগৰ বিষয়া-কৰ্মচাৰীৰ গাফিলতিত শংকাত দিন কটাইছে অঞ্চলটোৰ ৰাইজে ৷ যিকোনো মূহুৰ্তত সংঘটিত হ'ব পাৰে ভয়ংকৰ দুৰ্ঘটনা ৷
গোসাইগাঁৱৰ বিদ্যুৎ বিভাগৰ অকৰ্মণ্যতাঃ মূহুৰ্তত সংঘটিত হব পাৰে ভয়ংকৰ দুৰ্ঘটনা - বিদ্যুৎ পৰিবাহী তাঁৰ
কোকৰাঝাৰ জিলাৰ গোসাইগাওঁ মহকুমাৰ অধীনস্থ শ্ৰীৰামপুৰ ভাইৰিগুৰী ৰাজবংশী গাঁৱত মৰণফান্দত পৰিণত বিদ্যুৎ সংযোগ ৷ অতি কম উচ্চতাত ওলমি আছে বিদ্যুৎ পৰিবাহী তাঁৰ ৷ হাত মেলিলেই স্পৰ্শ কৰিব পাৰি বিদ্যুৎ পৰিবাহী তাঁৰ ৷ কাণসাৰ নাই বিভাগীয় বিষয়া-কৰ্মচাৰীৰ ৷
উল্লেখ্য যে, কোকৰাঝাৰ জিলাৰ গোসাইগাওঁ মহকুমাৰ অধীনস্থ শ্ৰীৰামপুৰ ভাইৰিগুৰী ৰাজবংশী গাঁৱত মৰণফান্দ পাতিছে বিদ্যুৎ বিভাগে ৷ অতি কম উচ্চতাতেই ওলমি আছে বিদ্যুৎ পৰিবাহী তাঁৰ ৷ হাত মেলিলেই স্পৰ্শ কৰিব পাৰি বিদ্যুৎ পৰিবাহী তাঁৰ ৷ স্থানীয় ৰাইজে বিদ্যুৎ বিভাগক এই সন্দৰ্ভত বহুবাৰ অভিযোগ দিয়াৰ পাছতো বৰ্তমানলৈকে কোনো ব্যবস্থা গ্ৰহণ কৰা নকৰাৰ অভিযোগ বিদ্যুৎ বিভাগৰ বিষয়া- কৰ্মচাৰীৰ বিৰুদ্ধে ৷ যাৰবাবে যিকোনো মূহুৰ্তত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা স্থানীয় ৰাইজৰ ৷ অতি শীঘ্ৰে বিদ্যুৎ পৰিবাহী তাঁৰ ডাল নিৰ্দিষ্ট উচ্চতাত স্থাপন কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে স্থানীয় ৰাইজে ।