কোকৰাঝাৰ, 18 নৱেম্বৰঃ বিটিচি নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পিছৰে পৰা ৰাজনৈতিক দলসমূহৰ মাজত তুংগত উঠিছে নিৰ্বাচনী কুচকাৱাজ ৷ ইয়াৰ মাজতে বুধবাৰে কোকৰাঝাৰত বিপিএফৰ নিৰ্বাচনী কাৰ্যালয় মুকলি কৰা হয় ৷ কাৰ্যায়লটো মুকলি কৰে বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য তথা বাওখুংগ্ৰী পৰিষদীয় সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী ডনেশ্বৰ গয়াৰীয়ে ৷ এই সভাতে হিমন্ত বিশ্ব শৰ্মা সন্দৰ্ভত মন্তব্য কৰি দনেশ্বৰ গয়াৰীয়ে কয়, কংগ্ৰেছ দল ধ্বংস কৰা হিমন্ত বিশ্ব শৰ্মাই বিজেপি দলকো ধ্বংস কৰিব ৷ দলবাগৰা ৰাজনীতিক হিমন্ত বিশ্ব শৰ্মাৰ মিছা বক্তব্য এতিয়া আৰু অসমৰ ৰাইজে বিশ্বাস নকৰে ৷ হিমন্ত বিশ্ব শৰ্মাই প্ৰমোদ বড়োক চীফ বনোৱাৰ পৰিকল্পনা কৰিছিল , কিন্তু অংক নিমিলাৰ বাবে এতিয়া বিশ্বজিৎ দৈমাৰীক চীফ বনোৱাৰ পৰিকল্পনা কৰিছে । সেই পৰিকল্পনাও ফলপ্ৰসু নহ’ব ৷
কংগ্ৰেছ দল ধ্বংস কৰা হিমন্ত বিশ্ব শৰ্মাই বিজেপিকো ধ্বংস কৰিবঃ ডনেশ্বৰ গয়াৰী
হিমন্ত বিশ্ব শৰ্মা সন্দৰ্ভত মন্তব্য কৰি ডনেশ্বৰ গয়াৰীয়ে কয়, ‘কংগ্ৰেছ দল ধ্বংস কৰা হিমন্ত বিশ্ব শৰ্মাই বিজেপি দলকো ধ্বংস কৰিব ৷ দলবাগৰা ৰাজনীতিক হিমন্ত বিশ্ব শৰ্মাৰ মিছা বক্তব্য এতিয়া আৰু অসমৰ ৰাইজে বিশ্বাস নকৰে ৷’
কংগ্ৰেছ দল ধ্বংস কৰা হিমন্ত বিশ্ব শৰ্মাই বিজেপি দলকো ধ্বংস কৰিবঃদনেশ্বৰ গয়াৰী
ইউপিপিএল দলকো কঠোৰ ভাষাৰে সমালোচনা কৰে ডনেশ্বৰ গয়াৰীয়ে ৷ প্ৰমোদ বড়ো বিটিচি অঞ্চলৰ ভিতৰত একমাত্ৰ মিছলীয়া ব্যাক্তি বুলিও মন্তব্য কৰে ডনেশ্বৰ গয়াৰীয়ে ৷ ১২ ডিচেম্বৰত সকলো কথা পৰিষ্কাৰ হৈ পৰিব আৰু বিপিএফে এইবেলিও একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিব বুলি দাবী কৰে বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য তথা বাওখুংগ্ৰী পৰিষদীয় সমষ্টিৰ বিপিএফ প্ৰাৰ্থী ডনেশ্বৰ গয়াৰীয়ে ।