অসম

assam

By

Published : Aug 30, 2019, 11:48 AM IST

ETV Bharat / state

জৰাজীৰ্ণ দলং নিৰ্মাণৰ দাবী ভোমৰাবিলবাসীৰ

বিগত বহু বছৰ ধৰি অৱহেলিত অঞ্চলটোৰ দলংখনৰ এই শোচনীয় অৱস্থাত অতিষ্ঠ হৈ অঞ্চলটোৰ সচেতন ৰাইজে বিভিন্ন সময়ত স্থানীয় বিধায়কক আবেদন কৰি অহাৰ পাচতো আজিলৈকে চকুত পৰা নাই কোনো চৰকাৰী উৰ্দ্ধতন কৰ্তৃক্ষৰ

জৰাজীৰ্ণ দলং নিৰ্মাণৰ দাবী ভোমৰাবিলবাসীৰ

গোসাইগাঁও,30 আগষ্টঃ মৰণফান্দত পৰিণত 1 নম্বৰ ভোমৰাবিল সংলগ্ন কাঠৰ দলং৷ পকী দলং নিৰ্মাণৰ দাবী ৰাইজৰ। কোকৰাঝাৰৰ গোসাইগাঁও মহকুমাৰ অন্তৰ্গত হাৰাফুটা তথা 1 নম্বৰ ভোমৰাবিল সংলগ্ন কাঠৰ দলংৰ জৰাজীৰ্ণ অৱস্থা ৷ বিগত বহু বছৰ ধৰি অৱহেলিত অঞ্চলটোৰ দলংখনৰ এই শোচনীয় অৱস্থাত অতিষ্ঠ হৈ অঞ্চলটোৰ সচেতন ৰাইজে বিভিন্ন সময়ত স্থানীয় বিধায়কক আবেদন কৰি অহাৰ পাচতো আজিলৈকে চকুত পৰা নাই কোনো চৰকাৰী উৰ্দ্ধতন কৰ্তৃক্ষৰ ।

জৰাজীৰ্ণ দলং নিৰ্মাণৰ দাবী ভোমৰাবিলবাসীৰ

উল্লেখ্য যে,দলংখনৰ এনে দুৰবস্থাৰ বাবে ইতিমধ্যে বহুকেইজন দুৰ্ঘটনা হৈ মৃত্যুৰ মুখত পৰে । কিন্তু দুৰ্ভাগ্যজনকভাৱে এতিয়ালৈকে ভ্ৰূক্ষেপ কৰা নাই স্থানীয় বিধায়কে । আনহাতে,শীঘ্ৰে পকী দলং নিৰ্মাণ কৰি দিবলৈ চৰকাৰৰ ওচৰত দাবী জনায় স্থানীয় ৰাইজে ৷

ABOUT THE AUTHOR

...view details