অসম

assam

ETV Bharat / state

কোকৰাঝাৰত আন্তঃ জনগোষ্ঠীয় সাংস্কৃতিক সন্মিলন

কোকৰাঝাৰ জিলাৰ অন্তৰ্গত খংখোলা বাদাত পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত হয় আন্তঃ জনগোষ্ঠীয় সাংস্কৃতিক সন্মিলন ৷ এই সন্মিলনত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লোক নৃত্যসমূহ প্ৰদৰ্শন কৰা হয় ৷

আন্তঃ জনগোষ্ঠীয় সাংস্কৃতিক সন্মিলন
আন্তঃ জনগোষ্ঠীয় সাংস্কৃতিক সন্মিলন

By

Published : Oct 29, 2020, 10:37 PM IST

কোকৰাঝাৰ, 29 অক্টোবৰ :পোনপ্ৰথম বাৰৰ বাবে কোকৰাঝাৰত অনুষ্ঠিত হয় আন্তঃ জনগোষ্ঠীয় সাংস্কৃতিক সন্মিলন ৷ কোকৰাঝাৰ জিলা দুলাৰাই বড়ো হাৰিমু আফাদৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে এই সাংস্কৃতিক অনুষ্ঠান ৷ কোকৰাঝাৰ জিলাৰ অন্তৰ্গত খংখোলা বাদাত অনুষ্ঠিত হোৱা সাংস্কৃতিক সন্মিলনত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লোকনৃত্যসমূহ প্ৰদৰ্শন কৰা হয় ৷

কোকৰাঝাৰত আন্তঃ জনগোষ্ঠীয় সাংস্কৃতিক সন্মিলন

উল্লেখ্য যে, পোনপ্ৰথমবাৰৰ বাবে কোকৰাঝাৰত অনুষ্ঠিত হোৱা সন্মিলনত উপস্থিত থাকে নিখিল বড়ো ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লোৰেন্স ইছলাৰী, নৃত্য প্ৰশিক্ষক ড৹ অনুপ হাজৰিকা, সংগীত নাটক অকাডেমীৰ কাৰ্যক্ৰম সঞ্চালক ৰতন হাজৰিকাৰ লগতে ভিন্ন জনগোষ্ঠীৰ সাংস্কৃতিক কৰ্মকৰ্তা সকল ৷

সন্মিলনত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লোকনৃত্যসমূহ প্ৰদৰ্শন কৰা হয়

লগতে পঢ়ক:কৰ'ণা ত্ৰাসৰ মাজতে মহানগৰীত লক্ষ্মী পূজাৰ আয়োজন

ABOUT THE AUTHOR

...view details