কোকৰাঝাৰ, 30 জানুৱাৰী : ৰাজ্যত অব্যাহত আছে গৰু সৰবৰাহৰ ঘটনা ৷ কোকৰাঝাৰ জিলাৰ অসম-বংগ সীমান্তৰ শ্ৰীৰামপুৰত শুকুৰবাৰে আৰক্ষীয়ে অভিযান চলাই অবৈধভাৱে কঢ়িয়াই অনা ১৩ ট উন্নত জাতৰ গৰু জব্দ কৰিবলৈ সক্ষম হয় ৷
আৰক্ষীৰ চকুত ধুলি দিবলৈ নতুন কৌশল অৱলম্বনেৰে বহি:ৰাজ্যৰ পৰা অবৈধভাৱে গৰু কঢ়িয়াই অনা UP-12T-3795নম্বৰৰ ট্ৰাকখনো আৰক্ষীয়ে জব্দ কৰাৰ লগতে দুজন অবৈধ গৰু সৰবৰাহকাৰীকো আটক কৰে আৰক্ষীয়ে ৷ আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি,এক বিশেষ সূত্ৰৰ পম খেদি আৰক্ষীয়ে জিলা খনৰ অসম-বংগ সীমান্তৰ শিমুলটাপু আৰু শ্ৰীৰামপুৰত অভিযান চলাই অবৈধভাৱে সৰবৰাহ কৰা ১৩ টা উন্নত জাতৰ গৰু জব্দ কৰাৰ লগতে দুজনক আটক কৰে । আটকাধীন লোক দুজন উত্তৰ প্ৰদেশৰ মুজ্জাফুৰনগৰৰ মহম্মদ দিচাদ আৰু আনজন উত্তৰ প্ৰদেশ মিৰাটৰ সদকত আলী বুলি জানিব পৰা গৈছে ৷