অসম

assam

ETV Bharat / state

কোকৰাঝাৰত ডেৰ শতাধিক লোক ক’ৰণাত আক্ৰান্ত - শনিবাৰে কোকৰাঝাৰত ২১ জন লোক ক’ৰণাত আক্ৰান্ত

শনিবাৰে কোকৰাঝাৰত ক’ৰণাত আক্ৰান্ত ২১ জন লোক ৷ জিলাখনত আক্ৰান্তৰ সংখ্যা ১৫৮ জনলৈ বৃদ্ধি ৷

কোকৰাঝাৰত ১৫৮ জনলৈ বৃদ্ধি ক’ৰণাত আক্ৰান্তৰ সংখ্যা
কোকৰাঝাৰত ১৫৮ জনলৈ বৃদ্ধি ক’ৰণাত আক্ৰান্তৰ সংখ্যা

By

Published : Apr 25, 2021, 1:05 PM IST

কোকৰাঝাৰ,২৫ এপ্ৰিল: ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ কোকৰাঝাৰত বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ ৷ জিলাখনৰ স্বাস্থ্য বিভাগে জনোৱা তথ্য অনুসৰি, শেহতীয়াকৈ অৰ্থাৎ শনিবাৰে ২১ জনৰ দেহত ধৰা পৰে কৰ’ণাৰ অৱস্থিতি । ফলত জিলাখনত আক্ৰান্তৰ সংখ্যা ১৫৮ জনলৈ বৃদ্ধি পাইছে ।

কোকৰাঝাৰত ডেৰ শতাধিক লোক ক’ৰণাত আক্ৰান্ত

উল্লেখ্য যে, শনিবাৰে জিলাখনৰ বিভিন্ন চিকিৎসালয় তথা স্বাস্থ্য কেন্দ্ৰত ১,০৪৭ গৰাকী লোকৰ ক’ভিড পৰীক্ষা কৰা হৈছিল ৷ ইয়াৰে ২১ গৰাকীৰ দেহত ক’ভিড ১৯ ৰ অৱস্থিতি ধৰা পৰে ৷ আনহাতে, জিলাখনত ১৫৮ গৰাকী আক্ৰান্তৰ ভিতৰত ১১ জনে চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ বিপৰীতে ১৪৬ জন হোম আইছলেচনত আছে ৷

লগতে পঢ়ক: বৰপেটাত নতুনকৈ কৰ’ণাত আক্ৰান্ত ৮৪ গৰাকীকৈ লোক

ABOUT THE AUTHOR

...view details