অসম

assam

ETV Bharat / state

কোকৰাঝাৰত আক্ৰান্তৰ সংখ্যাই স্পৰ্শ কৰিলে 20 ৰ দেওনা - 17 new cases found in kokrajhar

ৰাজ্যৰ প্ৰায়সমূহ কোৱাৰেণ্টাইন কেন্দ্ৰতে বহিঃৰাজ্যৰ পৰা অহা ব্যক্তিৰ দেহত পোৱা গৈছে কোভিড 19 ৰ অৱস্থিতি ৷ শনিবাৰে কোকৰাঝাৰ জিলাৰ কোৱাৰেণ্টাইন কেন্দ্ৰত নতুনকৈ আক্ৰান্ত হৈছে 17 জনকৈ ব্যক্তি ৷

covid 19 affected tally has risen to 20 in kokrajhar
কোকৰাঝাৰত আক্ৰান্তৰ সংখ্যাই স্পৰ্শ কৰিলে 20 ৰ ঘৰ

By

Published : May 31, 2020, 6:48 PM IST

কোকৰাঝাৰ, 31 মে’: ৰাজ্যৰ প্ৰায় সমূহ প্ৰান্ততে চিন্তনীয়ভাৱে বৃদ্ধি পাইছে কোভিড-19ত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ বহিঃৰাজ্যত আৱদ্ধ লোকসকলক অসমলৈ উভতি আহিবলৈ অনুমতি প্ৰাদন কৰাৰ পাছতেই ৰাজ্যত, বিশেষকৈ কোৱাৰেণ্টাইন কেন্দ্ৰসমূহত অভাৱনীয় হাৰত বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা ৷ প্ৰত্যেক দিনাই বহিঃৰাজ্যৰ পৰা আগমন ঘটা লোকৰ সংখ্যা বৃদ্ধি হোৱাৰ লগে লগে ৰাজ্যৰ মহাবিদ্যালয়, বিশ্ববিদ্যালয়সমূহৰ আৱাস-নিবাসসমূহকো কোৱাৰেণ্টাইন কেন্দ্ৰ হিচাপে ব্যৱহাৰ কৰিবলৈ বাধ্য হৈ পৰিছে অসম চৰকাৰ ৷

কোকৰাঝাৰৰ কোৱাৰেণ্টাইন কেন্দ্ৰটো কভিড 19 ৰ বিভীষিকা

সমান্তৰালভাৱে কোকৰাঝাৰ জিলাতো ক্ৰমাগতভাৱে বৃদ্ধি পাইছে ক'ৰণা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ হায়দৰাবাদ আৰু দিল্লীৰ পৰা উভতি অহা 17 জন ব্যক্তিৰ দেহত শনিবাৰে পোৱা গ’ল কৰ’ণা ভাইৰাছৰ অৱস্থিতি ৷ উল্লেখ্য যে, জিলাখনৰ কেন্দ্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান চমুকৈ চিআইটি, ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ, আইন মহাবিদ্যালয়ৰ কোৱাৰেণ্টাইন কেন্দ্ৰত কোৱাৰেণ্টাইন হৈ থকা ৰোগী কেইজন কোকৰাঝাৰ জিলাৰে বাসিন্দা বুলি জানিব পৰা গৈছে ৷ কোভিড 19ত আক্ৰান্ত এই 17 জন ৰোগীক চিনাক্ত কৰাৰ পাছতেই বৰ্তমানলৈকে কোকৰাঝাৰ জিলাত আক্ৰান্তৰ সংখ্যা 20 জনলৈ বৃদ্ধি পোৱাৰ লগতে জিলাখনৰ কোৱাৰেণ্টাইন কেন্দ্ৰত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে 34 জনলৈ ৷

লগতে পঢ়কঃলাজ নহয়,নগাঁৱত হাতে-কামে দেখুৱালে অসমীয়াগিৰী

ABOUT THE AUTHOR

...view details