অসম

assam

ETV Bharat / state

কোকৰাঝাৰত প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিত ব্যাপক দুৰ্নীতি - প্ৰধানমন্ত্ৰী আৱাস যোজনা

কোকৰাঝাৰত প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ) আঁচনিৰ গৃহ নিৰ্মানত বৃহৎ কেলেংকাৰী হোৱাৰ অভিযোগ স্থানীয় হিতাধিকাৰী সকলৰ | ইতিমধ্যে VCDC ৰ অধ্যক্ষৰ বিৰুদ্ধে হিতাধিকাৰীৰ পৰিয়ালে বিষমুৰী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে বুলি সাংবাদিকৰ আগত সদৰি কৰে ।

ETV BHARAT
কোকৰাঝাৰত প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিত ব্যাপক দুৰ্নীতি

By

Published : May 16, 2020, 1:23 PM IST

কোকৰাঝাৰ, 16 মেঃ কোকৰাঝাৰ ভদ্ৰমপুৰ বাশবাৰী গাঁৱত প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ) আঁচনিৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ ৰাইজৰ ৷ তিনি বছৰেও প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ নোহোৱাৰ অভিযোগ হিতাধিকাৰী সকলৰ ৷

কোকৰাঝাৰত প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ) আঁচনিৰ গৃহ নিৰ্মানত বৃহৎ কেলেংকাৰী হোৱাৰ অভিযোগ স্থানীয় হিতাধিকাৰী সকলৰ | কোকৰাঝাৰ জিলাৰ ভিচিডিচিৰ ভদ্ৰমপুৰ বাশবাৰী গাঁৱত ETV ৰ সাংবাদিকৰ আগত হিতাধিকাৰী সকলে সদৰি কৰে এই ঘটনা | ২০১৬-১৭ ৰ বৰ্ষটেই গাঁওখনৰ কেইজন মান দৰিদ্ৰ পৰিয়ালে লাভ কৰিছিল প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ) আঁচনিৰ গৃহ ৷ কিন্তু তেওঁলোকৰ গৃহ নিৰ্মানৰ কাম নিৰ্দিষ্ট সময় শেষ হোৱাৰ পিছতো এতিয়ালৈ গৃহ নিৰ্মাণ কাম সম্পূৰ্ণ নকৰিলে বিভাগীয় কৰ্তৃপক্ষই ৷ আনকি হিতাধিকাৰীৰ গৃহ নিৰ্মাণৰ নামত আৱন্টিত ধনো লুণ্ঠন কৰা বুলি গুৰুতৰ অভিযোগ তোলে ভি চি ডি চি অধ্যক্ষৰ বিৰুদ্ধে । উক্ত গাঁৱৰ এই লোক কেইজন সবাই বাসুমতাৰী, ঠেখলা বাসুমতাৰী, গালা বাসুমতাৰী, দাখোন বাসুমতাৰী আৰু ছবিতা ইছলাৰী নামৰ পাঁচটা দৰিদ্ৰ হিতাধীকাৰী পৰিয়ালৰ গৃহ তিনি বছৰেও অসম্পূৰ্ণ হৈ আছে বুলি অভিযোগ কৰে এই সকললোকে ।

কোকৰাঝাৰত প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিত ব্যাপক দুৰ্নীতি

তাৰোপৰি, দুই হিতাধিকাৰী ক্ৰমে পৰশু ৰাম বসুমতাৰী আৰু ৰাণী নাৰ্জাৰীৰ নামত আৱন্টিত গৃহ নিৰ্মাণৰ ধন ভি চি ডি চি অধ্যক্ষই হিতাধিকাৰীক প্ৰদান নকৰাকৈ আত্মসাৎ কৰা বুলি অভিযোগ আনিছে । ইতিমধ্যে হিতাধিকাৰীৰ পৰিয়ালে অধ্যক্ষ জনৰ বিৰুদ্ধে বিষমুৰী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে বুলি সাংবাদিকৰ আগত সদৰি কৰে ।

ABOUT THE AUTHOR

...view details