কোকৰাঝাৰ,১০ জুন: কোকৰাঝাৰ জিলাত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত গৃহনিৰ্মাণৰ নামত ব্যাপক অনিয়মৰ অভিযোগ উত্থাপন হৈছে (Pradhan Mantri Awas Yojana) । হিতাধিকাৰীয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত গৃহ লাভ কৰাৰ পিছতে বিজেপি আৰু ইউপিপিএলৰ ভিচিডিচি সদস্যই হিতাধিকাৰীৰ পৰা উৎকোচ লোৱাৰ বিভিন্ন অভিযোগ উত্থাপন হৈছে (Allegations of bribery against VCDC members) ।
সাধাৰণতে একাংশ ভিচিডিচিৰ সদস্যই প্ৰতিটো গৃহৰ বাবদ হিতাধিকাৰীৰ পৰা ৩০০০ টকাৰ পৰা ৬০০০ টকা উৎকোচ লৈ আহিছে বুলি অভইযোগ উত্থাপন কৰে ভুক্তভোগী হিতাধিকাৰীসকলে । উৎকোচ অবিহনে হিতাধিকাৰীৰ আৱণ্টিত গৃহৰ বাবদ টকা একাউণ্টত নোসোমাব নতুবা আৱণ্টিত গৃহ কাটি দিয়া হ'ব বুলি ভয়-ভাবুকি দিয়াৰ পৰিণতিতে বাধ্যত পৰি দুখীয়া হিতাধিকাৰীসকলে ভিচিডিচি সদস্যসকলক উৎকোচ দি আহিছে বুলি জানিবপৰা গৈছে (PMAY scam in Kokrajhar) ।
উৎকোচ অবিহনে ফটো নামাৰে আৰু কামৰ অগ্ৰগতিৰ খতিয়ান সংশ্লিষ্ট কৰ্তৃপক্ষক নজনোৱাৰ ফলত হিতাধিকাৰীসকলে কিস্তিৰ ধন লাভ কৰাত পলম হয় বুলি হিতাধিকাৰীসকলে অভিযোগ উত্থাপন কৰে। বিজেপি আৰু ইউপিপিএল দলৰ ভিচিডিচি সদস্যৰ মইমতালিত অৱশেষত গঞা ৰাইজ একত্ৰিত হৈ সভা আহ্বান কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হোৱাৰ লগতে সভাত যাতে কোনোধৰণৰ অনাকাংক্ষিত ঘটনা সংঘটিত নহয় তাৰবাবে নিৰাপত্তাৰক্ষী বিচাৰি জিলা আৰক্ষী প্ৰশাসনক সংশ্লিষ্ট গাঁৱৰ গাঁওবুঢ়াই আৱেদন জনাব লগা পৰিস্থিতিৰ সৃষ্টি হয় (Scam in PMAY scheme) ।