অসম

assam

ETV Bharat / state

কোকৰাঝাৰত যুৱ কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

বিটিচিৰ পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত কোকৰাঝাৰ জিলা যুৱ কংগ্ৰেছ আৰু গোসাইগাঁও যুৱ কংগ্ৰেছৰ সদস্যসকলে এক প্ৰতিবাদী সমদল উলিয়ায় ।

By

Published : Oct 5, 2020, 9:16 PM IST

 কোকৰাঝাৰত যুৱ কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ
কোকৰাঝাৰত যুৱ কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

গোসাইগাঁও, ৫ অক্টোবৰ:বিটিচিৰ পৰিষদীয় নিৰ্বাচন অতি সোনকালে অনুষ্ঠিত কৰাৰ দাবীত সোমবাৰে কোকৰাঝাৰ জিলা যুৱ কংগ্ৰেছ আৰু গোসাইগাঁও যুৱ কংগ্ৰেছৰ সদস্য সকলে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

কোকৰাঝাৰ যুৱ কংগ্ৰেছ আৰু গোসাইগাঁৱৰ যুৱ কংগ্ৰেছৰ কৰ্মকৰ্তাই সমদল কৰি স্মাৰক পত্ৰ প্ৰদান কৰা হয় ৷ যুৱ কংগ্ৰেছ কোকৰাঝাৰ জিলা আৰু গোসাইগাঁৱ যুৱ কংগ্ৰেছৰ উদ্যোগত শ্ৰীৰামপুৰ ব্লক কংগ্ৰেছৰ নিজ কাৰ্যালয় প্ৰাঙ্গনৰ পৰা সমদল উলিয়াই মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত উপস্থিত হৈ প্ৰতিবাদ সাব্যস্ত কৰে ৷

উক্ত কাৰ্যসূচীত অংশ গ্ৰহনকাৰী সকলে উই ৱান্ট ইলেক্চন, ইলেক্চন আমাক লাগিবই, ৰিপুন বৰা জিন্দাবাদ, তৰুণ গগৈ জিন্দাবাদ, বিজেপি চৰকাৰ হায়, হিমন্ত বিশ্ব শৰ্মা গো বেক, সৰ্বানন্দ সোণোৱাল গ' বেক আদি শ্লোগান দি আকাশ বতাহ কঁপাই তোলে ৷

লগতে পঢ়ক :ডকমকা ডাইনী কাণ্ড সন্দৰ্ভত পুনৰ ৯ জনক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details