কোকৰাঝাৰ, 24 আগষ্টঃ 2020 চনত অনুষ্ঠিত হ'বলগীয়া বিটিচি পৰিষদীয় নিৰ্বাচনৰ বাবে উঠিপৰি লাগিছে বিভিন্ন ৰাজনীতিক দলসমূহ । সেই উদ্দেশ্যে কোকৰাঝাৰ জিলা কংগ্ৰেছ কাৰ্যালয়ত অনুষ্ঠিত হয় কংগ্ৰেছৰ এখন দলীয় সভা ৷
বিটিচি পৰিষদীয় নিৰ্বাচনৰ বাবে টঙালি বান্ধিছে কংগ্ৰেছে
আগন্তুক বিটিচি পৰিষদীয় নিৰ্বাচনৰ বাবে কোকৰাঝাৰ জিলা কংগ্ৰেছ কাৰ্যালয়ত অনুষ্ঠিত হয় কংগ্ৰেছৰ এখন দলীয় সভা ৷
অহা 2020 চনত অনুষ্ঠিত হবলগীয়া বিটিচি পৰিষদীয় নিৰ্বাচনত যুঁজ দিবৰ কাৰণে উঠিপৰি লাগিছে বিভিন্ন ৰাজনৈতিক দলসমূহ । বিটিচিৰ পৰিষদিও নিৰ্বাচনত বিজেপি দলে অংশগ্ৰহণ কৰিব বুলি বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ঘোষণা কৰাৰ পিছতে কোকৰাঝাৰত কংগ্ৰেছেও আৰম্ভ কৰিছে নিৰ্বাচনী তৎপৰতা ৷ কোকৰাঝাৰ জিলা কংগ্ৰেছ কাৰ্যালয়ত অনুষ্ঠিত হোৱা দলীয় সভাৰ পিছতে সৰ্বভাৰতীয় কংগ্ৰেছ কমিতিৰ সম্পাদক ভূপেন বৰাই সংবাদমেল যোগে আগন্তুক বিটিচি পৰিষদীয় নিৰ্বাচনৰ বাবে ইতিমধ্যেই প্ৰস্তুতি আৰম্ভ হোৱা বুলি মন্তব্য কৰাৰ লগতে 40 টা সমষ্টিত 40খন নিৰ্বাচনী সমিতি গঠন কৰা হব বুলিও মন্তব্য কৰে । আগন্তুক নিৰ্বাচনত কংগ্ৰেছে দলটোৰ একেবাৰে তৃণমূল পৰ্যায়ৰ কৰ্মীক অধিক গুৰুত্ব দিব বুলি মন্তব্য কৰে ৷ লগতে উক্ত নিৰ্বাচনত কংগ্ৰেছে দলটোৱে অকলেই অৱতীৰ্ণ হ'ব বুলি মন্তব্য কৰে ভূপেন বৰাই ৷
আনহাতে দলত্যাগ কৰা সন্দৰ্ভত সাংবাদিকে প্ৰশ্ন কৰাত ভূপেন বৰাই বৰ্তমান সুবিদাবাদৰ ৰাজনীতি চলা বুলি মন্তব্য কৰে । এই সভাত অসম কংগ্ৰেছ কমিটিৰ সম্পাদক ক্ৰমে বিশ্বজিত ৰায়, ভাস্কৰ হালাল, বিটিচিৰ পৰিষদিও সদস্য মমিনুল ইছলাম, কোকৰাঝাৰ জিলা কংগ্ৰেছ কমিটিৰ সভাপতি সম্ভূ মণ্ডল আদিকে ধৰি বহু নেতা আৰু কৰ্মী উপষ্টিত থাকে ।