অসম

assam

ETV Bharat / state

কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটে চৰকাৰ গঠন কৰিব: হাগ্ৰামা মহিলাৰী - বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰী

কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটে কমেও 70 খন আসন পাব আৰু আগন্তুক চৰকাৰ মহাজোঁটে গঠন কৰিব ৷ বুধবাৰে সংবাদ মাধ্যমৰ আগত এই দাবী কৰে বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে ৷

গুৱাহাটীত মহাজোঁটৰ বৈঠকৰ বাবে ৰাওনা হাগ্ৰামা মহিলাৰী
গুৱাহাটীত মহাজোঁটৰ বৈঠকৰ বাবে ৰাওনা হাগ্ৰামা মহিলাৰী

By

Published : Mar 10, 2021, 9:56 PM IST

কোকৰাঝাৰ,10 মাৰ্চ: ৰাজ্যৰ সমাগত বিধানসভা নিৰ্বাচনত কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটে কমেও 70 খন আসন পাব আৰু আগন্তুক চৰকাৰ মহাজোঁটে গঠন কৰিব বুলি দাবী বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ ৷ উল্লেখ্য যে, মহাজোঁটৰ এক বৈঠকত অংশগ্ৰহণ কৰাৰ বাবে বুধবাৰে কোকৰাঝাৰৰ গ্ৰীণ ফিল্ডৰ হেলিপেডৰ পৰা হেলিকপ্তাৰযোগে বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে গুৱাহাটীলৈ উৰা মাৰে ৷

গুৱাহাটীত মহাজোঁটৰ বৈঠকৰ বাবে ৰাওনা হাগ্ৰামা মহিলাৰী

ইয়াৰ পূৰ্বে সংবাদ মাধ্যমৰ আগত হাগ্ৰামা মহিলাৰীয়ে দাবী কৰে যে, বিজেপিয়ে কেতিয়াও 100+ আসন নাপায় ৷ 27 মাৰ্চত অনুষ্ঠিত হ'বলগীয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত তেওঁ বিটিআৰৰ বাহিৰৰ হয়তো 18 টা সমষ্টিত মহাজোঁটৰ হৈ প্ৰচাৰ চলাব লাগিব বুলি মন্তব্য কৰে ।

গুৱাহাটীত মহাজোঁটৰ বৈঠকৰ বাবে ৰাওনা হাগ্ৰামা মহিলাৰী

বুধবাৰে গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া বৈঠকতে এই সকলো বিষয় ঠিক কৰা হ'ব বুলি উল্লেখ কৰি আগন্তুক চৰকাৰ মহাজোঁটে গঠন কৰাটো 100 শতাংশ নিশ্চিত বুলিও পুনৰাই দাবী কৰে হাগ্ৰামা মহিলাৰীয়ে । ইপিনে বিপিএফৰ দ্বিতীয় পৰ্যায়ৰ প্ৰাৰ্থীৰ তালিকাখন 12-15 মাৰ্চৰ ভিতৰত ঘোষণা কৰা হ'ব বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰে বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে ৷

গুৱাহাটীত মহাজোঁটৰ বৈঠকৰ বাবে ৰাওনা হাগ্ৰামা মহিলাৰী

লগতে পঢ়ক:পাঁচ বছৰত 50 শতাংশ সম্পত্তি বৃদ্ধি সোণোৱালৰ

ABOUT THE AUTHOR

...view details