কোকৰাঝাৰ,16 এপ্ৰিলঃ মঙলবাৰে বৰমা সমষ্টিত ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখা গ’ল কোকৰাঝাৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী শব্দ ৰাভাক ৷ ভিতৰুৱা গাওঁসমূহত গৈ প্ৰাৰ্থীগৰাকীয়ে ভোটাৰ ৰাইজৰ লগত মত বিনিময় কৰাৰ লগতে নিৰ্বাচনত জয়ী হ’লে সমষ্টিটোৰ ৰাইজে ভুগি অহা বিভিন্ন সমস্যা সমূহ আতৰ কৰোৱাৰো আশ্বাস দিয়ে প্ৰাৰ্থীগৰাকীয়ে ৷
বৰমা সমষ্টিত শব্দ ৰাভাৰ নিৰ্বাচনী প্ৰচাৰ - barma constituency
পদুলীয়ে পদুলীয়ে গৈ নিৰ্বাচনী প্ৰচাৰ চলালে কোকৰাঝাৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে
লোকসভা নিৰ্বাচনৰ প্ৰচাৰত অংশলৈ বৰ্তমানৰ কোকৰাঝাৰৰ লোকসভা সাংসদগৰাকীকো সমালোচনা কৰে শব্দ ৰাভাই ৷ তেওঁ কয় যে, কোকৰাঝাৰ লোকসভা সমষ্টিটোৰ উন্নয়নৰ উদ্দেশ্য আৰু লক্ষ্য আগত লৈ সাংসদ হৈছিল যদিও তাৰে এটাও প্ৰতিশ্ৰুতি পালন কৰিব নোৱাৰিলে বৰ্তমানৰ সাংসদগৰাকীয়ে ৷ উল্লেখ্য যে, লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণতে কোকৰাঝাৰ লোকসভা সমষ্টিটোৰ কেইবাগৰাকীও কংগ্ৰেছ দলৰ সদস্যই পদত্যাগ কৰাত সমষ্টিটোৰ ৰাজনৈতিক প্ৰেক্ষাপটত যথেষ্ট প্ৰভাৱ পৰিছে ৷ যদিও জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ চলাই নিৰ্বাচনৰ বাবে সাজু হৈ উঠিছে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী ৷