কোকৰাঝাৰ, ১৯ আগষ্ট : কোকৰাঝাৰৰ বডোফা সাংস্কৃতিক প্ৰকল্প চৌহদত কংগ্ৰেছৰ দলীয় সভাৰ বাবে অনুমতি প্ৰদান নকৰাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে কংগ্ৰেছৰ নেতা গৰ্জন মুছাহাৰীয়ে । শনিবাৰে বিয়লি কোকৰাঝাৰ কংগ্ৰেছ কাৰ্যালয়ত এক সংবাদমেল আয়োজন কৰি বিটিআৰৰ জেষ্ঠ্য কংগ্ৰেছ নেতা তথা এপিচিচিৰ সম্পাদক গৰ্জন মুছাহাৰীয়ে কয় যে অহা ২৫ আগষ্টত কংগ্ৰেছৰ এক দলীয় সভাৰ বাবে কোকৰাঝাৰৰ চান্দমাৰীৰ বডোফা সাংস্কৃতিক প্ৰকল্প চৌহদৰ অনুমতি বিচাৰি বিভাগীয় নিয়মানুসৰি আবেদন কৰা হৈছিল । কিন্তু ইয়াত কংগ্ৰেছৰ দলীয় সভাৰ বাবে অনুমতি প্ৰদান কৰা হোৱা নাই ।
লগতে পঢ়ক:World Photography day 2023: মাজুলীৰ প্ৰথমজন ফটোগ্ৰাফাৰ দিলু দাদা কেনে আছে !
বিটিআৰৰ জেষ্ঠ্য কংগ্ৰেছ নেতা তথা এপিচিচিৰ সম্পাদক গৰ্জন মুছাহাৰীয়ে উল্লেখ কৰা মতে বিটিআৰৰ মুখ্য় কাৰ্যবাহী সদস্য় প্ৰমোদ বড়োই বডোফা সাংস্কৃতিক প্ৰকল্প চৌহদ কংগ্ৰেছৰ দলীয় সভাৰ বাবে অনুমতি প্ৰদান নকৰিলে । উক্ত ঘটনাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰি গৰ্জন মুছাহাৰীয়ে কয়," আচলতে প্ৰমোদ বড়োই কংগ্ৰেছক ভয় কৰিছে । কেইদিনমান আগতে অগপক উক্ত ঠাইত সভা অনুষ্ঠিত কৰাৰ বাবে অনুমতি দিলে অথচ এতিয়া কংগ্ৰেছক নিদিয়ে ।"