অসম

assam

ETV Bharat / state

ভাৰত-ভূটান সীমান্তত বনৰক্ষী আৰু বন বেদখলকাৰীৰ মাজত সংঘাত - গোৰাই বজাৰ অঞ্চলত বনৰক্ষী আৰু বন বেদখলকাৰীৰ মাজত সংঘাত

কোকৰাঝাৰত ভাৰত-ভূটান সীমান্তত উত্তেজনা ৷ বনাঞ্চলৰ ভূমি দখল কৰিবলৈ অহাক কেন্দ্ৰ কৰি বুধবাৰে উল্টাপানী আৰু সৰলপাৰাৰ মাজৰ গোৰাই বজাৰ অঞ্চলত বনৰক্ষী আৰু বন বেদখলকাৰীৰ মাজত সংঘাতৰ সৃষ্টি ৷ বন বেদখলকাৰীৰ আক্ৰমণত 6 গৰাকী বনৰক্ষী আহত ৷ বেদখলকাৰীয়ে ভাঙি চূড়মাৰ কৰিলে বনকৰ্মীৰ গাড়ী ৷ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ 50 জাঁইৰো অধিক শূন্যলৈ গুলিচালনা ৷

ভাৰত-ভূটান সীমান্তত বনৰক্ষী আৰু বন বেদখলকাৰীৰ মাজত সংঘাত
ভাৰত-ভূটান সীমান্তত বনৰক্ষী আৰু বন বেদখলকাৰীৰ মাজত সংঘাত

By

Published : Jan 13, 2021, 8:05 PM IST

কোকৰাঝাৰ, 13 জানুৱাৰী:উৰুকাৰ উখল মাখল পৰিবেশৰ মাজতে বুধবাৰে কোকৰাঝাৰ জিলাৰ ভাৰত-ভূটান সীমান্তৰ উল্টাপানী আৰু সৰলপাৰাৰ মাজৰ গোৰাই বজাৰত বনকৰ্মী, বনৰক্ষী আৰু ভূূূমি বেদখলকাৰীৰ মাজত সংঘাতৰ সৃষ্টি হয় ৷ সৰলপাৰা বনাঞ্চলৰ ভূমি দখল কৰিবলৈ অহাক কেন্দ্ৰ কৰি বনৰক্ষী আৰু বন বেদখলকাৰীৰ মাজত এই সংঘাতৰ সৃষ্টি হয় ৷ বন বেদখলকাৰীৰ আক্ৰমণত 6 গৰাকী বনৰক্ষী আহত হোৱাৰ উপৰিও বেদখলকাৰীয়ে বনকৰ্মীৰ এখন গাড়ী ভাঙি বিস্তৰ ক্ষতিসাধন কৰে বুলি জানিব পৰা গৈছে ৷ বনৰক্ষীয়ে জানিবলৈ দিয়া মতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ বনৰক্ষী সকলে 50 জাঁইৰো অধিক শূন্যলৈ গুলিচালনা কৰিবলগীয়া হয় ৷

গোৰাই বজাৰ অঞ্চলত বনৰক্ষী আৰু বন বেদখলকাৰীৰ মাজত সংঘাত

প্ৰাপ্ত তথ্য অনুসৰি বনাঞ্চলৰ ভূমি বেদখল কৰাৰ বাবে মংগলবাৰৰ পৰাই শ শ লোকে টালি-টোপোলা লৈ কোকৰাঝাৰৰ ভাৰত-ভূটান সীমান্তৱৰ্তী সৰলপাৰা বনাঞ্চলত গোট খাইছিল ৷ এই তথ্য লাভ কৰি বুধবাৰে পুৱা বনবিভাগৰ দল সৰলপাৰা বনাঞ্চলত উপস্থিত হৈ বনাঞ্চলৰ ভূমি দখল কৰিবলৈ চেষ্টা চলোৱা লোক সকলক বাধা প্ৰদান কৰে ৷ বনৰক্ষীৰ দলে ইয়াৰে 20 ৰ পৰা 25 জন লোকক আটক কৰে ৷

এই ঘটনাৰ পাছতে পৰিস্থিতি উত্তেজনাপূৰ্ণ হৈ পৰে আৰু বনকৰ্মী-বনৰক্ষীৰ মাজত সংঘাতৰ সৃষ্টি হয় । জানিব পৰা মতে একাংশ দুৰ্ষ্কতিকাৰীয়ে বনবিভাগৰ এখন বলেৰ' পিকআপ ভান ভাঙি চূৰ্ণ - বিচূৰ্ণ কৰাৰ লগতে দুস্কৃতিকাৰীৰ আক্ৰমণত 6 গৰাকী বনকৰ্মী আহত হয় । ইয়াৰ পাছতেই শ শ বন বেদখলকাৰীক ছত্ৰ ভংগ দিয়াবলৈ বনৰক্ষীয়ে শূণ্যলৈ 50 জাঁইতকৈও অধিক গুলীচালনা কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হয় ৷ বেদখলকাৰী আৰু বনবিভাগৰ মাজত এনে সংঘাতময় পৰিৱেশৰ সুযোগ লৈ বনবিভাগৰ হাতত আটক হোৱা প্ৰায় 25 গৰাকী বেদখলকাৰীয়ে গাড়ীৰ পৰা জাপ মাৰি পলায়ন কৰে ৷ ঘটনাৰ খবৰ পোৱা মাত্ৰকে আৰক্ষী, এছএছবি, চিআৰপিএফৰ বিশাল বাহিনী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷ ঘটনা সংক্ৰান্তত আৰক্ষীয়ে এজন লোকক আটক কৰিবলৈ সক্ষম হৈছে ।

বন বিভাগৰ গৌৰাং ৰেঞ্জৰ ৰেঞ্জাৰ শচীন্দ্ৰ দাসে বেদখলকাৰীয়ে বনাঞ্চলৰ ভূমি বেদখল কৰিবলৈ অহাৰ পৰিণতিতে আজিৰ এই সংঘাতময় পৰিস্থিতিৰ সৃষ্টি হয় বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে ৷ বিটিআৰ নিৰ্বাচনৰ পূৰ্বেও বেদখলকাৰীয়ে বনাঞ্চলৰ ভূমি বেদখল কৰাৰ চেষ্টা কৰিছিল আৰু সেয়ে 18 জন বেদখলকাৰীক কৰায়ত্ব কৰি জেল-হাজোতলৈ প্ৰেৰণ কৰা হৈছিল বুলি ৰেঞ্জাৰ শচীন্দ্ৰ দাসে সদৰী কৰে ।
লগতে পঢ়ক:কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মাছ ধৰিবলৈ নামিল কলিয়াবৰৰ শতাধিক ৰাইজ

For All Latest Updates

ABOUT THE AUTHOR

...view details