অসম

assam

ETV Bharat / state

Session of Kokrajhar UPPL: জনসাধাৰণৰ আশা পূৰণত সক্ষম হৈছে ইউপিপিএল: উৰ্খাও গৌৰা ব্ৰহ্ম - MP Raungaura Narzary

ইউপিপিএলৰ কোকৰাঝাৰ জিলা সমিতিৰ তৃতীয় বাৰ্ষিক অধিবেশন সম্পন্ন (UPPL) ৷ ইউপিপিএল দলে শাসনলৈ অহাৰ পিছত শান্তি ঘূৰি আহিছে আৰু উন্নয়নে এক নতুন মাত্ৰা লাভ কৰা বুলি মন্তব্য মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ ৷

Session of Kokrajhar district UPPL
ইউপিপিএল দলৰ কোকৰাঝাৰ জিলা সমিতিৰ ত্ৰিবাৰ্ষিক অধিবেশন

By

Published : Feb 12, 2023, 1:28 PM IST

কোকৰাঝাৰ, ১২ ফেব্ৰুৱাৰী :ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল অৰ্থাৎ ইউপিপিএল দলৰ কোকৰাঝাৰ জিলা সমিতিৰ ত্ৰিবাৰ্ষিক অধিবেশনখন শনিবাৰে এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় (Session of Kokrajhar district UPPL)। কোকৰাঝাৰ সদৰ চহৰৰ নাতিদূৰৈৰ গৌৰাং নৈৰ পাৰৰ ড৹ আম্বেদকাৰ ভৱনৰ খেলপথাৰত ত্ৰিবাৰ্ষিক অধিবেশনখনিৰ আয়োজন কৰা হয় । বিধায়ক লৰেন্স ইছলাৰীয়ে পুৱা পতাকা উত্তোলনেৰে ত্ৰিবাৰ্ষিক অধিবেশনৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে (MLA Lawrence Islari) ৷ ইয়াৰ পিছতে কাৰ্যসূচীত অংশ লোৱা বিধায়ক লৰেন্স ইছলাৰীসহ ইউপিপিএলৰ নেতা -কৰ্মী সকলে শ্বহীদ বেদীত পুষ্পাঞ্জলি অৰ্পণ কৰে ৷

ইপিনে,পুৱা ১০ বজাৰ পৰা প্ৰতিনিধি সভা অনুষ্ঠিত হয় । বিয়লি ৪ বজাত অনুষ্ঠিত মুকলি সভাত দলৰ প্ৰতিষ্ঠাপক সভাপতি তথা মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম (Minister Urkhao Goura Brahma),ৰাজ্যসভাৰ সাংসদ ৰৌণগৌৰা নাৰ্জাৰী আদিকে ধৰি কেইবাগৰাকী নেতা-কৰ্মী উপস্থিত থাকে (MP Raungaura Narzary)। ভাষণ প্ৰসংগত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম আৰু সাংসদ ৰৌণগৌৰা নাৰ্জাৰীয়ে ইউপিপিএল দলে সুশাসন চলাইছে বুলি মন্তব্য় কৰি জনসাধাৰণৰ আশা আকাংক্ষা পূৰণ কৰাত সমৰ্থ হৈছে বুলি কয় । বিপিএফ দলক সমালোচনা কৰি নেতাদ্বয়ে ভাষণ প্ৰসংগত ইউপিপিএল দলে শাসনলৈ অহাৰ পিছত শান্তি ঘূৰি আহিছে আৰু উন্নয়নে এক নতুন মাত্ৰা লাভ কৰিছে বুলি মন্তব্য কৰে (BPF chief Hagrama Mohilary)। তদুপৰি মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই হাগ্ৰামা মহিলাৰীৰ বক্তব্যক সমালোচনা কৰি কয় যে ৰাজনীতিত ব্যক্তিগত আক্ৰমণ কৰাটো উচিত নহয় ।

আনহাতে, ইউপিপিএলৰ কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি তথা বিধায়ক লৰেন্স ইছলাৰীয়ে ইউপিপিএলে মানৱ সম্পদ গঢ় দিয়াত গুৰুত্ব আৰোপ কৰিছে বুলি মন্তব্য কৰে । তেওঁ সমাজৰ পৰা নিচাজাতীয় দ্ৰব্য নাইকীয়া কৰাত গুৰুত্ব আৰোপ কৰা বুলি কয় । তেওঁ মাৰণাস্ত্ৰ সন্দৰ্ভত হাগ্ৰামা মহিলাৰীয়ে কৰা বক্তব্যৰ বিৰোধিতা কৰি কয় যে সংবেদনশীল বিষয়টোত ইউপিপিএল দলে ইতিমধ্যে নিজৰ স্থিতি স্পষ্ট কৰিছে । হাগ্ৰামা মহিলাৰীয়ে ইয়াৰ প্ৰমান কৰিব নোৱাৰিলে আদালতৰ কাষ চপাৰো হুংকাৰ দিয়ে বিধায়ক লৰেন্স ইছলাৰীয়ে ।

উল্লেখ্য় যে বিপিএফৰ নেতাৰ বাসগৃহত অবৈধ মাৰণাস্ত্ৰ উদ্ধাৰ হোৱা ঘটনা সন্দৰ্ভত বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কৰা মন্তব্যৰ পিছতেই প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । মহিলাৰীয়ে কৈছিল যে ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৱে আৰক্ষীৰে গোপনে অভিসন্ধি ৰচনা কৰি প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰীক অপৰাধী সজাই গ্ৰেপ্তাৰ কৰিছে (BPF leader arrested with illegal weapons) ৷

লগতে পঢ়ক:Happy Hug Day 2023: আলিংগন কৰোঁতে নহ'ব অপ্ৰস্তুত, মনত ৰাখক এইকেইটা কথা

ABOUT THE AUTHOR

...view details