অসম

assam

ETV Bharat / state

কোকৰাঝাৰত প্ৰধানমন্ত্ৰী ভ্ৰমণকলৈ স্থান পৰিদৰ্শন সোণোৱালৰ - BTR

বুধবাৰে কোকৰাঝাৰত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ 7 ফেব্ৰুৱাৰীত বিটিআৰ উপলক্ষে উদযাপিত হ'বলগীয়া বিজয় উৎসৱৰ প্ৰস্তুতিৰ বুজ লবলৈ কোকৰাঝাৰ জাংখ্ৰীখাই পথাৰত উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকী ৷

কোকৰাঝাৰ
কোকৰাঝাৰত প্ৰধানমন্ত্ৰী ভ্ৰমণকলৈ স্থান পৰিদৰ্শন সোণোৱালৰ

By

Published : Feb 5, 2020, 8:33 PM IST

কোকৰাঝাৰ, 5 ফেব্ৰুৱাৰীঃ 7 ফেব্ৰুৱাৰীত কোকৰাঝাৰত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ যাৰ বাবে বুধবাৰে কোকৰাঝাৰত উপস্থিত হৈ প্ৰস্তুতিৰ বুজ লয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

কোকৰাঝাৰত প্ৰধানমন্ত্ৰী ভ্ৰমণকলৈ স্থান পৰিদৰ্শন সোণোৱালৰ

উল্লেখ্য যে, কোকৰাঝাৰ জাংখ্ৰীখাই পথাৰত অহা 7 ফেব্ৰুৱাৰীত ঐতিহাসিক তৃতীয়খন বড়ো চুক্তি বিটিআৰ উপলক্ষে উদযাপিত হ'বলগীয়া বিজয় উৎসৱত উপস্থিত থাকিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ যাৰ বাবে হেলিকপ্টাৰেৰে বুধবাৰে কোকৰাঝাৰত উপস্থিত হৈ সমগ্ৰ পৰিৱেশৰ বুজ লয় মুখ্যমন্ত্ৰী সোণোৱালে ৷ অহা 7 ফেব্ৰুৱাৰীৰ দিনতো ঐতিহাসিক বুলি মন্তব্য কৰি অনুষ্ঠান সফল হ'ব বুলি দৃঢ়তাৰে মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে । লগতে বড়ো জনগোষ্ঠীৰ লগতে আন জনগোষ্ঠীৰ উন্নয়ন তথা শান্তি প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীৰ ভূমিকাক শলাগ লয় সোণোৱালে ৷

কোকৰাঝাৰত প্ৰধানমন্ত্ৰী ভ্ৰমণকলৈ স্থান পৰিদৰ্শন সোণোৱালৰ

আনহাতে, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগত উপস্থিত থাকে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী, হিমন্ত বিশ্ব শৰ্মা, এবছু সভাপতি প্ৰমোদ বড়ো ৷ প্ৰধানমন্ত্ৰীৰ সভাত অকল বিপিএফ কৰ্মীৰ 5 লাখ মানুহ উপস্থিত থাকিব বুলি মন্তব্য কৰে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ৷

তাৰোপৰি এবছু সভাপতি প্ৰমোদ বড়োই সকলো জাতি জনগোষ্ঠীয়ে শান্তি সম্প্ৰীতি বাৰ্তা ৰাখি সম-বিকাশ, স-মৰ্যদাৰে আগবাঢ়ি যাব লাগিব বুলি মন্তব্য কৰি কয়, এই দিনটো শান্তিৰ বাবে ঐতিহাসিক দিন ৷ যাৰ বাবে সকলো ৰাইজক এই বিজয় উৎসৱত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ কৰে সভাপতি গৰাকীয়ে ।

ABOUT THE AUTHOR

...view details