গোসাইগাঁও, 6 মে': বুধবাৰে শ্ৰীৰামপুৰত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । অসম-বংগ সীমান্তৰ অসমৰ প্ৰৱেশ দ্বাৰ শিমুলটাপু আৰু শ্ৰীৰামপুৰত কৰ্তব্যৰত স্বাস্থ্য তথা সুৰক্ষা কৰ্মীৰ পৰিস্থিতিৰ লগতে, বহিঃৰাজ্যৰ পৰা আহিবলগীয়া অসমৰ লোকসকলক কিদৰে অসমত প্ৰবেশ কৰোৱা হ'ব সেই বিষয়ে বুজ লয় মুখ্যমন্ত্ৰী গৰাকীয়ে ।
মুখ্যমন্ত্ৰী গৰাকীয়ে গুৱাহাটীৰ পৰা হেলিকপ্টাৰেৰে আহি শ্ৰীৰামপুৰ হাইস্কুল খেলপথাৰত অৱতৰণ কৰি শ্ৰীৰামপুৰ আন্তঃৰাজ্যিক তালাচী চকীত উপস্থিত হয় । মন্ত্ৰীগৰাকীয়ে তালাচী চকীত উপস্থিত থকা কোকৰাঝাৰ আৰু ধুবুৰী জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক, বিটিএডিৰ আইজিপিৰ সৈতে আলোচনাত মিলিত হোৱাৰ লগতে, সীমান্ত এলেকাৰ কৰ্তব্যৰত স্বাস্থ্য কৰ্মী, সুৰক্ষা কৰ্মী আৰু পৰিবহণ বিভাগৰ বিষয়াৰ সৈতেও আলোচনাত মিলিত হৈ পৰিস্থিতিৰ বুজ লয় ।