অসম

assam

By

Published : Jan 25, 2022, 2:01 PM IST

ETV Bharat / state

মনেশ্বৰ-চম্পাৰ বিয়াত অতিথি হ’ল মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

এতিয়া বিয়াৰ বতৰ ৷ ৰাজ্যৰ বিভিন্ন স্থানত বিয়া অনুষ্ঠিত হৈছে ৷ কিন্তু এই সমূহ বিয়াৰ মাজত চৰ্চা লাভ কৰিছে এখন বিশেষ বিয়াই (Special wedding in Kokrajhar)৷ বিয়াখন এজন বিশেষ ব্যক্তিৰ ৷ তাতে আকৌ অতিথি ৰূপত উপস্থিত থাকিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেইবাজনো মন্ত্ৰী ৷ কোন এইজন বিশেষ দৰা ৷ জানিবলৈ চাওক...

Maneswar Daimary's wedding ceremony
Maneswar Daimary's wedding ceremony

কোকৰাঝাৰ, 25 জানুবাৰী : শেহতীয়াকৈ ৰাজ্যত চৰ্চা লাভ কৰিছে এখন বিশেষ বিয়াই ৷ বিয়াখনৰ দৰাজনৰৰ আছে এক বৈপ্লৱিক ইতিহাস ৷ বিয়ালৈ যোৱা অতিথিসকলো আকৌ ভি আই পি, ভি ভি আই পি ৷ বড়োভূমিৰ প্ৰাণকেন্দ্ৰ স্বৰূপ কোকৰাঝাৰত অনুষ্ঠিত হৈছে এই বিয়াখন (Special wedding in Kokrajhar)৷ বিয়াখনক লৈ উদুলি-মুদুলি কোকৰাঝাৰ ৷ কাৰণ এই বিয়াখন কোনো সাধাৰণ বিয়া নহয় ৷ বড়ো আন্দোলনৰ এজন অক্লান্ত সৈনিক তথা প্ৰাক্তন এবছুৰ নেতা মনেশ্বৰ দৈমাৰীৰ বিয়া এয়া (EX ABSU leader Maneswar Daimary's wedding) ৷

প্ৰাক্তন এবছুৰ নেতা মনেশ্বৰ দৈমাৰীৰ বিয়া

বি টি আৰৰ অধীনস্থ বাক্সা জিলাৰ গোৰেশ্বৰৰ পুখৰীপাৰ গাঁৱত ১৯৭৭ চনত জন্ম গ্ৰহণ কৰিছিল মনেশ্বৰ দৈমাৰীয়ে ৷ সোমবাৰে কোকৰাঝাৰ চহৰৰ খাৰগাঁৱত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানৰে বৈবাহিক জীৱনৰ পাতনি মেলে প্ৰাক্তন এবছু নেতাজনে ৷ মনেশ্বৰ দৈমাৰীৰ বিবাহৰ বিশেষ দিনটো বহুলভাৱে চৰ্চিত হৈ পৰিছে সমগ্ৰ বি টি আৰতে (Maneswar Daimary's wedding is on limelight) ৷

মন কৰিব লগীয়া যে, এসময়ৰ বড়ো আন্দোলনৰ ৰক্তক্ষয়ী সংগ্ৰামৰ (Bodo Movement in Assam) ভাল-বেয়াৰ বহু অভিজ্ঞতা মনত পুহি ৰখা এইজন এবছু নেতাই জীৱনৰ ৪৫ বয়সত যুগ্ম জীৱনৰ পাতনি মেলিছে ৷ এই শুভ দিনটোত তেওঁক শুভেচ্ছা তথা আশীষ দিবলৈ কোকৰাঝাৰত উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma in Maneswar Daimary's wedding) আৰু বহুতো ৰাজনৈতিক ৰথী-মহাৰথী ৷

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুভেচ্ছা জনালে মনেশ্বৰ দৈমাৰীক

উল্লেখ্য যে, বড়োলেণ্ড আন্দোলনৰ ধৰ্ণা বা বিশাল গণ সমাবেশ যিয়েই হওক সততে এবছুৰ মঞ্চত সন্মুখত থিয় দিয়া সকলোৰে পৰিচিত চুটি-চাপৰ চেহেৰাৰ অসাধাৰণ প্ৰতিভা সম্পন্ন মনেশ্বৰ দৈমাৰীয়ে হয়তো কোনোদিনে ভৱা নাছিল বিবাহৰ কথা ৷ এবছুক সন্মুখৰ পৰা নেতৃত্ব দিয়া অক্লান্ত যোদ্ধা মনেশ্বৰ দৈমাৰীৰ সৈতে যুগ্ম জীৱনৰ পাতনি মেলাৰ বাবে সন্মত হ’ল বাক্সা জিলাৰ তামুলপুৰৰ মৌদাইগামী গাঁৱৰ এগৰাকী স্নাতকোত্তৰ ডিগ্ৰীধাৰী শিক্ষিতা যুৱতী চম্পা বড়ো ৷

কোকৰাঝাৰ চহৰৰ খাৰগাঁৱত মনেশ্বৰ আৰু চম্পাৰ যুগ্ম জীৱনক আদৰাৰ বাবে ব্যাপক আয়োজন চলিল ৷ বিশেষকৈ খাৰগাঁৱত সংগ্ৰামী নেতাজনৰ বিবাহৰ বিশাল আয়োজনকলৈ এক উথপ থপ পৰিবেশৰ সৃষ্টি হয় ৷ আটকধুনীয়াকৈ সজাই তোলা হয় বিয়াৰ ৰভা তলি ৷ লগতে উপৰি সহস্ৰাধিক অতিথিক অপ্যায়ন কৰিব পৰাকৈ বিশাল ভোজনালয়ো সাজু কৰা হয় ৷

মনেশ্বৰ-চম্পাৰ বিয়াত অতিথি হ’ল মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

বিয়াখনত অতিথি হিচাপে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সোমবাৰে দুপৰীয়াভাগত খাৰগাঁৱৰ মনেশ্বৰ দৈমাৰীৰ বিবাহথলীত উপস্থিত হয় ৷ লগত উপস্থিত থাকে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম আৰু বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো ৷ হিমন্ত বিশ্ব শৰ্মাৰ উপৰিও মনেশ্বৰ দৈমাৰীক বিবাহৰ শুভেচ্ছা জনাবলৈ উপস্থিত হয় আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জল কুমাৰ ভট্টাচাৰ্য ৷ সংগ্ৰামৰ পথৰ পৰা সাংসাৰিক হোৱা মনেশ্বৰ দৈমাৰীক সকলোৱেই জনাইছে নতুন জীৱনৰ বাবে শুভ কামনা ৷

লগতে পঢ়ক :ৰাজ্যিক নিৰ্বাচন আয়োগৰ বিশেষ বঁটা বৰপেটাৰ অতিৰিক্ত উপায়ুক্ত নৱজিৎ পাঠকলৈ

ABOUT THE AUTHOR

...view details