কোকৰাঝাৰ, ২০ ডিচেম্বৰ :কোকৰাঝাৰ সদৰ চহৰৰ বাগানশালীত নৱনিৰ্মিত বাথৌ মন্দিৰ বুধবাৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । গুৱাহাটীৰ পৰা হেলিকপ্টাৰেৰে আহি গ্ৰীণ ফিল্ডত নমাৰ পিছতেই মুখ্যমন্ত্ৰী ড৹ শৰ্মাই পোনে পোনে বাগানশালীৰ নৱনিৰ্মিত বাথৌ মন্দিৰত উপস্থিত হয় আৰু ৰঙাফিটা কাটি বাথৌ মন্দিৰৰ শুভ উদ্বোধন কৰে ।
ইয়াৰ পিছতেই মুখ্যমন্ত্ৰীগৰাকীয়ে বড়ো সমাজৰ পৰম্পৰাগত সাজপাৰ পিন্ধি সম্পূৰ্ণ মাংগলিক প্ৰথাৰে বাথৌ পূজা সম্পন্ন কৰে । বাথৌ মহাসভাৰ উপদেষ্ঠা পদ্মশ্ৰী মংগলসিং হাজোৱাৰীয়ে ড৹ হিমন্ত বিশ্ব শৰ্মাক বাথৌ পূজা কৰোৱায় । বাথৌ পূজা সম্পন্ন হোৱাৰ পিছত পূজাথলীত উপস্থিত থকা বাথৌ ধৰ্মীয় ভক্তসকলক উদ্দেশ্যি হিমন্ত বিশ্ব শৰ্মাই কয় যে ৫ কোটি টকা ব্যয় সাপেক্ষে পুণঃনিৰ্মান কৰা বাথৌ মন্দিৰৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই তেওঁ নিজকে ধন্য মানিছে ।
তেওঁ কয় যে বাথৌ ধৰ্মই প্ৰকৃতিৰ সতে নিবিড় সম্পৰ্ক প্ৰতিফলিত কৰে আৰু খেৰাই নৃত্যৰ যোগেদি বড়োসকলৰ সাংস্কৃতিক দিশটো উন্মোচিত কৰে । বাথৌ ধৰ্মৰ মহত্ব উল্লেখ কৰি হিমন্ত বিশ্ব শৰ্মাই সিজু গছৰ সম্পৰ্কেও বহলাই কয় । খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ ৰীতি-নীতি, ধৰ্মীয় আচাৰ-ব্যৱহাৰ সংস্কৃতি চহকী বুলি মন্তব্য কৰি হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীসমূহৰ বৈশিষ্ট্য, আচাৰ-ব্যৱহাৰক স্বীকৃতি প্ৰদান কৰাৰ লগতে সুৰক্ষা প্ৰদান কৰাটো সময়ৰ আহ্বান আৰু এইক্ষেত্ৰত খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি নামৰ বিভাগটোৱে কাম কৰি আছে ।
তদুপৰি চৰকাৰে খিলঞ্জীয়াসকলৰ ধৰ্মীয় আৰু আধ্যাত্মিক অনুষ্ঠানসমূহৰ সংৰক্ষণ আৰু সুৰক্ষাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰি আছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । উল্লেখ্য যে বাথৌ মন্দিৰৰ ধৰ্মীয় অনুষ্ঠান সম্পন্ন হোৱাৰ পিছত সাংবাদিকৰ এক প্ৰশ্নোত্তোৰত ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় যে বাথৌ ধৰ্মত অনন্য পবিত্ৰতা লুকাই আছে । ই মানুহৰ মাজত যুগেযুগে আধ্যাত্মিকতা আৰু প্ৰকৃতিৰ মাজত সম্পৰ্ক আৰু আত্মাৰ অবিনিশ্বৰতাক সদায় প্ৰমান কৰি আহিছে ।