অসম

assam

ETV Bharat / state

কোকৰাঝাৰত অসম চুক্তি 6 নং দফা কাৰ্যকৰীকৰণ কমিটিৰ প্ৰতিনিধি দল - 1985 চনৰ অসম চুক্তিৰ 6 নং দফা কাৰ্য্যকৰী

বিভিন্ন দল সংগঠনৰ মতামত আৰু পৰামৰ্শ গ্ৰহণ উচ্চ পৰ্যায়ৰ সমিতিৰ । 1985 চনৰ অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰী কৰা সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্রাক্তন ন্যায়ধীশ বি. কে শৰ্মা নেতৃত্বাধীন উচ্চ পৰ্যায়ৰ সমিতিয়ে আজি কোকৰাঝাৰ আৱৰ্ত ভৱনত পোন প্ৰথমবাৰৰ বাবে বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিৰ মতামত আৰু পৰামৰ্শ লোৱাৰ আৰম্ভ কৰিছে।

অসম চুক্তিৰ 6 নং দফা ৰূপায়ণ

By

Published : Nov 12, 2019, 11:43 PM IST

Updated : Nov 13, 2019, 12:16 PM IST

কোকৰাঝাৰ, 12 নৱেম্বৰ:কোকৰাঝাৰৰ পৰা আৰম্ভ অসম চুক্তিৰ 6 নং দফা ৰূপায়ণৰ প্ৰক্ৰিয়া।মঙলবাৰৰ পৰা আৰম্ভ হৈছে মতামত আৰু পৰামৰ্শ গ্ৰহণ কাৰ্যসূচী ৷ উচ্চ পৰ্যায়ৰ সমিতিয়ে চিৰাং, কোকৰাঝাৰ, গোৱালপাৰা, দক্ষিণ শালমাৰা আৰু বঙাইগাঁও জিলাৰ দল সংগঠন সমুহৰ মতামত আৰু পৰামৰ্শ গ্ৰহণ কৰিব । মঙলবাৰে কোকৰাঝাৰ আৱৰ্ত ভৱনত অনুষ্ঠিত হোৱা বৈঠকত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বি. কে শৰ্মা, প্ৰাক্তন মুখ্য সচিব সুবাস দাস, মহাধিবক্তা ৰমেশ বৰপাত্ৰ গোহাঁই, আছুৰ মুখ্য উপদেষ্টা সমুজ্জল ভট্টাচাৰ্য, সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ উপস্থিত থাকে ।

অসম চুক্তিৰ 6 নং দফা ৰূপায়ণ

আছুৰ মুখ্য উপদেষ্টা সমুজ্জল ভট্টাচাৰ্যই সাংবাদিকক জানিবলৈ দিয়ে যে, গুৱাহাটীত জ্যেষ্ঠ সাংবাদিক, কাকত, চেনেলৰ সম্পাদকৰ লগত অসম চুক্তি 6 নং দফা কাৰ্যকৰীকৰণ সন্দৰ্ভত মতামত আৰু পৰামৰ্শ গ্ৰহণ কৰাৰ পিছত মঙলবাৰৰ পৰা পোন প্ৰথমবাৰৰ বাবে কোকৰাঝাৰত উপস্থিত হৈ 6 নং দফা কাৰ্যকৰীকৰণ সন্দৰ্ভত মতামত আৰু পৰামৰ্শ গ্ৰহণ কৰা হৈছে । এই ক্ষেত্ৰত উচ্চ পৰ্যায়ৰ সমিতিয়ে সকলোৰে পদক্ষেপ আৰু পৰামৰ্শ লৈ আগবাঢ়ি গৈছে ।

অসমীয়া মানুহৰ সংস্কৃতি, সামাজিক আৰু ভাষিক পৰিচয় আৰু ঐতিহ্য ৰক্ষা, সংৰক্ষণ আৰু বিকাশৰ বাবে যথোচিত সাংবিধানিক, আইনগত আৰু প্ৰশাসনীয় ৰক্ষাকৱচ দিয়াৰ আঁত ধৰি খিলঞ্জীয়া জনজাতি আৰু খিলঞ্জীয়া অসমীয়াৰ বাবে উচ্চ পৰ্যায়ৰ সমিতিয়ে বিভিন্ন দল- সংগঠনৰ প্ৰতিনিধি আৰু বিশিষ্ট ব্যক্তিৰ পৰা মতামত পৰামৰ্শ গ্ৰহণ কৰে ।

Last Updated : Nov 13, 2019, 12:16 PM IST

ABOUT THE AUTHOR

...view details