অসম

assam

ETV Bharat / state

ৰাজ্যত এইবাৰ আৰম্ভ হৈছে ব্ৰইলাৰ ছিণ্ডিকেট - কুকুৰা ব্যৱসায়ী সন্থাৰ

ৰাজ্যত ভয়াৱহ ৰূপ লৈছে ছিণ্ডিকেটে ৷ কোকৰাঝাৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে এইবাৰ আৰম্ভ হৈছে ব্ৰইলাৰ ছিণ্ডিকেট ৷ ৰছিদবিহীন ভাৱে দৈনিক 1200 টকাৰ টেক্স সংগ্ৰহৰ অভিযোগ কুকুৰা ব্যৱসায়ী সন্থাৰ ৷

ৰাজ্যত এইবাৰ আৰম্ভ হৈছে ব্ৰইলাৰ ছিণ্ডিকেট

By

Published : Nov 7, 2019, 1:43 PM IST

কোকৰাঝাৰ , 7 নৱেম্বৰঃ ৰাজ্যত আৰম্ভ হৈছে ইটোৰ পাছত সিটো নতুন ছিণ্ডিকেট ৷ কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱৰপদ্মবিলত আৰম্ভ হৈছে নতুন ছিণ্ডিকেট ৷ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত আৰক্ষীৰ চকুৰ সমুখতে মুকলিকৈ চলি আছে ব্ৰইলাৰ ছিণ্ডিকেট ৷ বুধবাৰে চিৰাং জিলাৰ কাজলগাঁৱত কুকুৰা ব্যৱসায়ী সন্থাই প্ৰকাশ কৰিলে চাঞ্চল্যকৰ তথ্য ৷ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি কাজলগাঁৱৰ ৰাষ্ট্ৰীয় ঘাই পথৰ কাষত সংবাদ মাধ্যমৰ আগত উন্মোচিত কৰিলে ব্ৰইলাৰ ছিণ্ডিকেটৰ বিতং তথ্য ৷ কুকুৰা ব্যৱসায়ী সন্থাৰ অভিযোগ,অসমৰ বিভিন্ন জিলাৰ পৰা নিতৌ যোৱা প্ৰায় দুই শতাধিক গাড়ীৰ পৰা 1200 টকাকৈ গুণ্ডা বাহিনীয়ে সংগ্ৰহ কৰে গুণ্ডা বাহিনীয়ে ৷ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ এপৰত সংগ্ৰহ কৰা এই গুণ্ডা টেক্সৰ বাবে চালকসকলক দিয়া নহয় কোনো ধৰণৰ ৰচিদ ৷ টকা দিবলৈ অস্বীকাৰ কৰা চালকক মাৰপিট কৰাৰ লগতে গাড়ী সমুহক বহু সময় বলপূৰ্বক ৰখাই থোৱাৰ ভয়ংকৰ অভিযোগ কুকুৰা কুকুৰা ব্যৱসায়ী সন্থাৰ ৷ বহু সময় ৰাখি থোৱাৰ বাবে পথতেই মৃত্যু হয় বহু ব্ৰইলাৰৰ ৷ চালকসকলক আৰক্ষী আৰু সাংবাদিকৰ ভয় দেখুওৱাৰো অভিযোগ উত্থাপন ব্যৱসায়ী সন্থাৰ ৷

ৰাজ্যত এইবাৰ আৰম্ভ হৈছে ব্ৰইলাৰ ছিণ্ডিকেট
শ্ৰীৰাম পুৰ চেক গেট বন্ধ হোৱাৰ পিছত পুনৰ গোসাইগাঁৱৰ পদ্মবিলৰ এই গুণ্ডা টেক্সে জ্বলা-কলা খুৱাইছে কুকুৰা ব্যৱসায়ী সন্থাক ৷ ঠায়ে ঠায়ে আৰক্ষীক 50-100 টকা দিব লগা হোৱাৰ পাছত দিব লগা হোৱা এই বৃহৎ পৰিমাণৰ অবৈধ টেক্সে প্ৰভাৱ পেলাইছে ৰাজ্যৰ ব্ৰইলাৰ ব্যৱসায়ত ৷ অতি শীঘ্ৰে উচ্চ পৰ্যায়ৰ তদন্ত কৰি যদি এই গুণ্ডা টেক্সৰ ঘটনা বন্ধ নকৰে বা ব্যৱসায়ী চালকৰ লগত পুনক মাৰ পিটৰ ঘটনা সংঘটিত হ'লে সমগ্ৰ ৰাজ্যত ব্ৰইলাৰ ব্যৱসায় বন্ধ কৰাৰ হুংকাৰ দিয়ে কুকুৰা ব্যৱসায়ী সন্থাই ৷

ABOUT THE AUTHOR

...view details