অসম

assam

ETV Bharat / state

ৰাণী চৌহানৰ হত্যাকাণ্ডৰ বিচাৰ ফাষ্ট ট্ৰেক আদালত কৰাৰ নিৰ্দেশ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ

বিটিএডিৰ সদৰ কোকৰাঝাৰ চহৰৰ মাজমজিয়াৰ উত্তৰ টেঙাপাৰাত ৩০ জুনৰ দিনা তিনি বছৰীয়া শিশুক পুখুৰীত পেলাই হত্যাকাণ্ড সংঘটিত কৰা ঘটনাই সমগ্ৰ কোকৰাঝাৰতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল । শুকুৰবাৰে ৰাজ্যৰ সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই শিশুটিৰ ঘৰত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় । লগতে হত্যাকাৰীক ফাষ্ট ট্ৰেক আদালতত বিচাৰ কৰি কঠোৰ শাস্তি দিয়াৰ বাবে প্ৰশাসনক আহ্বান জনোৱা বুলি উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে ।

By

Published : Jul 3, 2020, 11:59 PM IST

Child murdered in Kokrajhar district
Child murdered in Kokrajhar district

কোকৰাঝাৰ, ৩ জুলাই : বিটিএডিৰ সদৰ কোকৰাঝাৰ চহৰৰ মাজমজিয়াৰ উত্তৰ টেঙাপাৰাত ৩০ জুনৰ দিনা তিনি বছৰীয়া শিশুক পুখুৰীত পেলাই হত্যাকাণ্ড সংঘটিত কৰা ঘটনাই সমগ্ৰ কোকৰাঝাৰতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল ।

ৰাণী চৌহানৰ হত্যাকাণ্ডৰ বিচাৰ ফাষ্ট ট্ৰেক আদালত কৰাৰ নিৰ্দেশ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ

উক্ত ঘটনাৰ পিচতে, শুকুৰবাৰে ৰাজ্যৰ সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই শিশুটিৰ ঘৰত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় । লগতে হত্যাকাৰীক ফাষ্ট ট্ৰেক আদালতত বিচাৰ কৰি কঠোৰ শাস্তি দিয়াৰ বাবে প্ৰশাসনক আহ্বান জনোৱা বুলি উল্লেখ কৰে ।

ৰাণী চৌহানৰ হত্যাকাণ্ডৰ বিচাৰ ফাষ্ট ট্ৰেক আদালত কৰাৰ নিৰ্দেশ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ

উল্লেখ্য যে, ৩০ জুনত কোকৰাঝাৰ চহৰৰ টেঙাপাৰাৰ চাজু চৌহানৰ কণমানি জীয়ৰী ৰানী চৌহানক পুখুৰীত দলিয়াই হত্যা কৰিছিল দুই অপৰাধীয়ে । ইতিমধ্যে, ঘটনাৰ লগত জড়িত অভিযুক্ত সুমুৰাম বসুমতাৰী ওৰফে ব্ৰইলাৰ আৰু হাৰিয়া চৌহানক কোকৰাঝাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : চিৰাং জিলাৰ উপায়ুক্তৰ পত্নী-জীয়ৰী কৰ’ণা পজিটিভ

ABOUT THE AUTHOR

...view details