কোকৰাঝাৰ,১ নৱেম্বৰ: BTR ৰ শাসকীয় দল UPPL ৰ তৃতীয় ত্ৰি-বাৰ্ষিক অধিৱেশনখনক লৈ কোকৰাঝাৰত ব্যাপক প্ৰস্তুতি(Preparation for annual session of UPPL) ৷ কোকৰাঝাৰৰ নিকটৱৰ্তী চন্দ্ৰপাৰাত অহা ১১ নৱেম্বৰৰৰ পৰা তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত হব UPPL ৰ এই অধিৱেশন ৷ মঙলবাৰে চন্দ্ৰপাৰাত UPPL ৰ অধিৱেশনৰ অভ্যৰ্থনা সমিতিৰ মুখ্য কাৰ্যালয় মুকলি কৰা হয় ৷ অভ্যৰ্থনা সমিতিৰ কাৰ্যালয়টো আনুষ্ঠানিকভাৱে মুকলি কৰে ৰাজ্যসভাৰ সাংসদ তথা ইউপিপিএলৰ কাৰ্যকৰী সভাপতি ৰণগৌৰা নাৰ্জাৰীয়ে ৷
উল্লেখ্য যে, অধিৱেশনখন শৃংখলাবদ্ধতাৰে পৰিচালিত কৰিবলৈ স্থানীয় বিধায়ক লৰেন্স ইছলাৰীক অধ্যক্ষ আৰু বিটিআৰৰ পাৰিষদ মাধৱ ছেত্ৰীক মুখ্য আহ্বায়ক হিচাপে লৈ ইতিমধ্যে এখন শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰা হৈছে ৷ UPPLৰ কোকৰাঝাৰ অধিৱেশনত আগন্তক লোকসভাৰ নিৰ্বাচন, দলক শক্তিশালী কৰা আৰু দলীয় বিভিন্ন দিশত আলোচনা কৰা হ'ব ৷